NORTHEAST NOW (Assamese)
দেশ

১৫ লাখৰ আশাত লালুৱে খুলিছিল একাউণ্ট! পিছে হ’ল ফুটুকাৰ ফেন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2023 12:51 pm
INDIA Lalu Prasad Yadav

১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰ্চাৰৰ সময়্ত উচ্চ কণ্ঠৰে দেশবাসীক আশা দেখাইছিল নৰেন্দ্ৰ মোদীয়ে। বিদেশত জমা হৈ থকা ক’লা ধন ঘূৰাই অনাৰো প্ৰতিশ্ৰুতি দিছিল। এই প্ৰসংগতে মোদীয়ে কৈছিল, এই ধন দেশলৈ ঘূৰি আহিলে দেশবাসীৰ একাউণ্টত সোমাব ১৫ লাখ টকাকৈ। মোদীৰ এই কথাত স্বপ্ন দেখিছিল দেশবাসীয়ে।

পিছে ১৪ ৰ পৰা ২৩ লৈ ৯ বছৰ উকলি গ’ল। অসাৰ হ’ল মোদীৰ ভাষণ, দেশবাসীৰো স্বপ্নভংগ হ’ল। একাউণ্টত নোসোমাল ১৫ লাখ টকা। কেৱল সাধাৰণ জনতা বুলিয়ে নহয়, মোদীৰ এই অসাৰ প্ৰতিশ্ৰুতিয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰো আশাভংগ কৰিলে। খোদ লালুৱে স্বীকাৰ কৰিছে এই ক্থা।

কালি INDIA ৰ মুম্বাই বৈঠকৰ পিছতে মোদীক কটাক্ষ কৰি লালু প্ৰসাদ যাদৱে মোদীৰ ১৪ চনৰ উক্ত ভাষণটোৰ কথা সোঁৱৰাই দিয়ে। লালুৱে উল্লেখ কৰা মতে, মোদীৰ এই ভাষণৰ পিছতে ১৫ লাখৰ আশাত তেওঁ এতা একাউণ্ট খুলিছিল। লগতে পৰিয়ালৰ আন ১১ সদস্যৰ একাউণ্টতো ১৫ লাখ টকাকৈ সোমাব বুলি আশা কৰিছিল।

বিজেপিয়ে এইদৰেই উৰাবাতৰি আৰু মিছা খবৰ বিয়পাই ক্ষমতালৈ আহিছিল বুলি তেওঁ অভিযোগ কৰে। ইফালে চন্দ্ৰযান-৩ ৰ সফলতাৰ পিছত আজি সূৰ্য অভিযানৰ বাবে সাজু হোৱা ইছৰ’ৰ বিজ্ঞানীসকলকো এক আজৱ আহ্বান জনাইছে লালুৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যলোকলৈ পঠোৱাৰ বাবে প্ৰস্তুতি চলাবলৈ ইছৰ’ৰ বিজ্ঞানীসকলক তেওঁ আহ্বান জনায়।

লালুৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সূৰ্যলোকলৈ গ’লে তেওঁৰ নাম পৃথিৱীত বিখ্যাত হ’ব। সেয়েহে দশেৰাৰ পিছতে মোদীক সূৰ্যলোকলৈ পঠোৱাৰ বাবে প্ৰস্তুতি কৰিব লাগে আৰু মোদী যাবলৈ সাজু হ’ব লাগে বুলি ৰসাল মন্তব্য কৰে বয়োজ্যষ্ঠ নেতাগৰাকীয়ে।

আনহাতে INDIA মিত্ৰজোঁটে মোদীক ক্ষমতাৰ পৰা আঁতৰাই দেশক ৰক্ষা কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰিছে লালুৱে।  ‘বিজেপি হাটাও, দেশ বাচাও’ৰ সফলতাৰ বাবে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত সুবিধাজনকভাৱে আসন ভাগ-বতৰা কৰা হ’ব বুলি উল্লেখ কৰি সকলো দল একত্ৰিত হৈ শক্তিশালীভাৱে যুঁজি, আনকি লোকচান বহন কৰিয়ো INDIAক শক্তিশালী কৰা হ’ব বুলি মন্তব্য কৰে।

৭৫ বৰ্ষীয় নেতাগৰাকীয়ে লগতে কয় যে অসুস্থতাৰ বাবে তেওঁৰ শৰীৰত বহু অপাৰেচন কৰা হৈছে যদিও এতিয়াও তেওঁ যুঁজিবলৈ সাজু আৰু INDIAৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে সংকল্প লৈছে।