NORTHEAST NOW (Assamese)

ভাৰতৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন ছোৱেইব আখটাৰ, নিজ দেশক জনালে বিশেষ অনুৰোধ

April 25, 2021 5:25 pm · এন ই নাও নিউজ

ভাৰতৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেট তাৰকা শ্বোৱেব আখটাৰে।

এই কঠিন সময়ত নিজৰ দেশৰ প্ৰধানমন্ত্ৰীক চুবুৰীয়া দেশখনক সহযোগ কৰিবলৈ অনুৰোধ জনালে তেওঁ।

ইনষ্টাগ্ৰামযোগে তেওঁ ভাৰতত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ গণচিতাৰ ভিডিঅ’ প’ষ্ট কৰি শোকপ্ৰকাশ কৰিছে।

টুইটাৰযোগে ক্ৰিকেট তাৰকাগৰাকীয়ে ২৩ এপ্ৰিলত এটা ভিডিঅ’ বাৰ্তা প্ৰদান কৰিছিল।

বাৰ্তাটোত তেওঁ ভাৰতৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

”ভাৰতে প্ৰতিদিন লাখ লাখ মানুহ আক্ৰান্ত হৈছে। মুম্বাইৰ অৱস্থা অতি কৰুণ। বহু মানুহ মৰিছে।”- আখটাৰে কয়- ”এমন ভয়ংকৰ পৰিস্থিতি চম্ভালি লোৱা যিকোনো দেশৰ প্ৰশাসনৰ বাবে অত্যন্ত কঠিন। অসম্ভৱ বুলিও ক’ব পাৰো।”

এই পৰিস্থিতিত তেওঁ নিজৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু নাগৰিকসকলক আহ্বান জনাইছে যে এই কঠিন সময়ত ভাৰতৰ স’তে সহযোগ কৰক।

”ভাৰতক অক্সিজেনৰ প্ৰয়োজন। সহায়ৰ হাত আগবঢ়াই দিয়ক।”- তেওঁ আহ্বান কৰে।

তাৰপাছতে তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

 

View this post on Instagram

 

A post shared by Shoaib Akhtar (@imshoaibakhtar)

ভিডিঅ’টোত ভাৰতত ক’ভিডত প্ৰাণ হেৰোৱা মানুহৰ গণচিতাৰ ছৱি দেখা পোৱা গৈছে।

”ভাৰতৰ এই কৰুণ দৃশ্য তুলি ধৰিলো। প্ৰাৰ্থনা কৰিছো, এই কঠিন সময় দ্ৰুতগতিত শেষ হওক।”- প’ষ্টটোৰ কেপচনত তেওঁ লিখে।

তেওঁ কয় যে পাকিস্তানৰ পৰিস্থিতিও স্বস্তিদায়ক নহয়, সেয়ে দেশখনৰ নাগৰিকসকলে সকলো কোভিড বিধি মানি চলা উচিত।

Related News