NORTHEAST NOW (Assamese)

মহামাৰীৰ এই সময়ত কাম কৰিবলৈ মই শ্ৰদ্ধাক অনুমতি নিদিও, বেয়া অৱস্থা আহিবলৈ এতিয়াও বাকী আছে : শক্তি কাপুৰ

June 12, 2020 7:45 pm · এন ই নাও নিউজ
Updated: June 12, 2020 7:46 pm
শক্তি কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ

বলিউদৰ অভিনেতা শক্তি কাপুৰে তেওঁৰ কন্যা জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক ক’ৰ’না ভাইৰাছৰ এই সংক্ৰমণৰ সময়ত কাম কৰিবলৈ যাব নিদিয়ে বুলি মন্তব্য কৰিছে।

অভিনেতা গৰাকীয়ে নিজেই কামলৈ নাযায় বুলি লগতে উল্লেখ কৰে।

‘‘ক’ৰ’নাৰ এই সংক্ৰমণৰ সময়ত মই নিজেও কামলৈ নাযাও আৰু মোৰ কন্যা শ্ৰদ্ধা কাপুৰকো যাব নিদিও,’’ শক্তি কাপুৰে এইদৰে কয়।

শক্তি কাপুৰে ভাৰতত ক’ৰ’নাৰ সংক্ৰমণ সম্বন্ধে মত ব্যক্তি কৰি দেশত ক’ৰ’নাৰ শোচনীয় অৱস্থা আহিবলৈ এতিয়াও বাকী আছে বুলি উল্লেখ কৰে।

‘’মই জানো কাম কৰাটো দৰকাৰী কিন্তু জীৱনৰ বিনিময়ত নহয়,’’ অভিনেতা গৰাকীয়ে লগতে কয়।

আনহাতে, বৰ্তমান সময়ত চলচ্চিত্ৰৰ শ্বুটিঙৰ কাম আৰম্ভ কৰাটো মুৰ্খামি কৰা হ’ব বুলিও নিজৰ মন্তব্য দাঙি ধৰি শক্তি কাপুৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অভিনেতা গৰাকীয়ে নিজৰ ঘৰৰ ডাষ্টবিন নিজে কান্ধত লৈ পেলায় থৈ অহাৰ আলোকচ্চিত্ৰ ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল।

ল’কডাউনৰ সময়ত এয়া নিজৰ কাম নিজে কৰাৰ অভ্যাস বুলি অভিনেতা গৰাকীয়ে লগতে লিখিছিল।

Related News