NORTHEAST NOW (Assamese)

‘দিল যশ্ন বলে’ৰে ৰণডংকা: প্ৰকাশ পালে ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ‘এন্থেম’

September 20, 2023 6:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 20, 2023 6:59 pm

ৰণডংকা বাজিছে ক্ৰিকেট বিশ্বকাপৰ। সাজু হৈছে ক্ৰিকেট বিশ্ব, বিশ্বকাপৰ উন্মাদনাই লাহে লাহে স্পৰ্শ কৰিছে ক্ৰিকেট অনুৰাগীক। এনে উন্মাদনাত ৰহণ সানি আজি বিশ্বকাপৰ এন্থেম উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। 

‘দিল যশ্ন বলে’ শীৰ্ষক এই গীতটিত দেখিবলৈ পোৱা গৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ লগতে ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী বাৰ্মাকো। প্ৰীতমৰ সংগীতেৰে সজাই তোলা গীতটোৰ কথা শ্লোকে লাল, সাবেৰী ভাৰ্মাৰ। এই গীতটোৰ উন্মোচনৰ পিছতে ৰণবীৰ সিঙে ষ্টাৰ স্প’ৰ্টছ পৰিয়ালৰ অংশ হিচাপে আৰু এগৰাকী ক্ৰিকেট অনুৰাগী হিচাপে বিশ্বকাপৰ বাবে এই এন্থেম উন্মোচনৰ অংশ হোৱাটো সঁচাকৈয়ে এক সন্মান বুলি মন্তব্য কৰে। সংগীতজ্ঞ প্ৰীতমেও নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। 

ক্ৰিকেটক ভাৰতৰ সৰ্বোচ্চ আবেগ আখ্যা দি বিশ্বকাপৰ বাবে ‘দিল যশ্ন বলে’ গীতটোৰ সৈতে জড়িত হোৱাটো এক উচ্চ সন্মান বুলি মন্তব্য কৰে প্ৰীতমে। 

উল্লেখ্য যে, ২০১১ চনত ভাৰতত হোৱা বিশ্বকাপৰ এন্থেম ‘দে ঘুমাকে’ ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। বলীউডৰ বিখ্যাত যুটী শংকৰ-এহচান-লয়ৰ এই গীতটিয়ে ক্ৰিকেট অনুৰাগীক ৰোমাঞ্চিত কৰি তুলিছিল।

Related News