NORTHEAST NOW (Assamese)
অসম

কৰ’না ৰিপৰ্টত চাইবাৰ আক্ৰমণ! অনলাইনত বিক্ৰী হৈছে প্ৰায় ৮২ কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য

Posted by: এন ই নিউজ, গুৱাহাটী Updated by: এন ই নিউজ, গুৱাহাটী October 31, 2023 11:34 am

দীর্ঘদিনীয়া যুঁজত ক’ৰোনা মহামাৰীক পৰাস্ত কৰাত প্ৰায় সফল হৈছে বিশ্ব৷ কিন্তু কৰ’না পৰীক্ষাৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক বৃহৎ চাইবাৰ আক্ৰমণৰ তথ্য। জানিব পৰা মতে, আইচিএমআৰৰ পৰা এই মাৰাত্মক ভাইৰাছৰ পৰীক্ষা কৰাসকলৰ ভিতৰত প্ৰায় ৮২ কোটি ভাৰতীয়ৰ পৰিচয় পত্ৰ অনলাইনত বিক্ৰী হৈছে।

বাতৰি অনুসৰি, আইচিএমআৰে ব্যক্তিগত তথ্য ফাদিল হোৱাৰ অভিযোগ লিখিতভাৱে কৰিলেই চিবিআইয়ে তদন্ত কৰি চাব।

এক্স হেণ্ডেলত এজন ব্যক্তিয়ে এই তথ্য লিক হোৱাৰ ফটো পোষ্ট কৰে। তেওঁ কয় যে ৮১.৫ কোটি ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত বিক্ৰী কৰা হৈছে। ইয়াৰ ভিতৰত আধাৰ কাৰ্ড আৰু পাছপ’ৰ্টৰ তথ্যও অন্তৰ্ভুক্ত আছে। ক’ভিড পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা নাম, ফোন নম্বৰ, ঠিকনা আদি বিভিন্ন তথ্য আঁতৰাই দিয়া হৈছে।

লগতে পঢ়কঃ দীঘলীয়া হ’ব যুদ্ধ! যুদ্ধবিৰতিৰ আহ্বান নাকচ কৰি নেতানিয়াহুৱে ক’লে ‘এইটো যুদ্ধৰ সময়’

বিশেষজ্ঞসকলৰ মতে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আইচিএমআৰত একাধিক চাইবাৰ আক্ৰমণ সংঘটিত হৈছে। এই খবৰ কেন্দ্ৰীয় সংস্থাটোৰ লগতো আছিল। আইচিএমআৰ চাৰ্ভাৰ হেক কৰাৰ কমেও ৬ হাজাৰ বাৰ চেষ্টা কৰা হৈছে। যাৰ বিপৰীতে বিভিন্ন পদক্ষেপো লোৱা হৈছিল। অৱশ্যে এইবাৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পিছত চাইবাৰ বিশেষজ্ঞসকলো চিন্তিত হৈ পৰিছে।

ইপিনে, আৰু যাতে সাধাৰণ ৰাইজৰ তথ্য ফাদিল নহয় তাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ লগতে কেন্দ্ৰীয় মন্ত্ৰালয়ো এই পদক্ষেপত নামিছে। কি সাৱধানতা অৱলম্বন কৰিব পাৰি সেই সন্দৰ্ভতো চৰ্চা চলি আছে।

লগতে পঢ়কঃচিংগুৰৰ নেনো গোচৰত ডাঙৰ ৰায়; টাটাক ৭৬৬ কোটি টকা দিব লাগিব পশ্চিমবংগ চৰকাৰে

উল্লেখ্যে যে ক’ৰ’না মহামাৰীৰ সময়ত অতি আস্থাৰ পৰ্টেল হৈ পৰিছিল CoWin। কেন্দ্রীয় চৰকাৰৰ এই ৱেবছাইটৰ পৰাই কৰোনা ভেকচিনৰ পঞ্জীয়ন সহজে কৰিব পৰা গৈছিল৷ টিকাকৰণৰ তাৰিখ আৰু স্থান ঘৰতে বহি বুকিং কৰিব পৰা গৈছিল। কিন্তু সেই ৱেবচাইটৰ পৰাও ভুৱা প্ৰমাণপত্ৰ বিয়পি পৰাৰ অভিযোগ উঠিছিল! এইবাৰ ডাৰ্ক ৱেবত সাধাৰণ ৰাইজ তথ্য বিক্ৰীৰ বিষয়টো পোহৰলৈ আহিছে।