NORTHEAST NOW (Assamese)
Popular Stories

কেনেদৰে পাৰ কৰিব অৱসৰৰ পিছৰ জীৱন! কি কয় অভিজ্ঞ লোকে…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2023 8:03 am
what to do in retirement

কৰ্মজীৱনৰ পৰা অৱসৰে ব্যক্তিৰ জীৱনত এক নতুন সময়ৰ আৰম্ভণি ঘটায়। পৰম্পৰাগত ৰুটিনৰ অন্ত পেলাই ব্যক্তিগত জীৱন-যাপন আৰু আনন্দৰ সুযোগেৰে ভৰা এক নতুন অধ্যায়ৰ আৰম্ভণি দিয়ে অৱসৰে। নতুনকৈ উপলব্ধ হোৱা এই সময়খিনি কেনেদৰে সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰিব পাৰি, সেই লৈ বহু লোক চিন্তিত হোৱা দেখিবলৈ পোৱা যায়।

অৱসৰ জীৱনটিক কিদৰে উদযাপন কৰিব পাৰি সেই সম্পৰ্কে অভিজ্ঞ লোকসকলে নানা অৰ্থপূৰ্ণ আৰু পৰিপূৰ্ণ কাৰ্যকলাপৰ বিৱৰণ আগবঢ়াই গৈছে, যিসমূহে ব্যক্তিৰ অৱসৰৰ পিছত এক সজীৱ আৰু উদ্দেশ্যপ্ৰণোদিত জীৱন নিশ্চিত কৰে। চাওঁ আহক এনে কিছু কাৰ্যকলাপ:

১/ নিজা ইচ্ছা পূৰণৰ সুযোগ: প্ৰায় প্ৰত্যেক ব্যক্তিয়েই ঘৰুৱা বা পৰিয়ালৰ সমস্যাৰ বাবে নিজৰ চখ বা ইচ্ছা ত্যাগ কৰিবলগীয়া হয়। কিন্তু অৱসৰৰ ফলত এই চখ বা ইচ্ছাৰ পিছত দৌৰিবলৈ এক নিখুঁত সুযোগ পোৱা যায়। চিত্ৰকলাই হওক কিম্বা বাদ্যযন্ত্ৰ বজোৱাই হওক, অৱসৰৰ সময় হ’ব পাৰে ইচ্ছা পূৰণৰ সময়।

২/ আজীৱন শিক্ষণ: অৱসৰৰ অৰ্থ শিক্ষাৰ অন্ত পৰা নহয়। বহু ব্যক্তিয়ে অৱসৰৰ পিছত শিক্ষাৰ প্ৰতি এক নতুন উৎসাহ বিচাৰি পায়। কোনো বিষয়ত জ্ঞান লাভৰ আশা পূৰণৰ বাবে কৰ্মশালাত অংশগ্ৰহণ কৰা বা আগ্ৰহ অনুসৰি ন-ডিগ্ৰী গ্ৰহণে শিক্ষিত কৰাই নহয়, নতুন সুযোগ আৰু সংযোগৰ দুৱাৰো মুকলি কৰিব পাৰে।

৩/ ভ্ৰমণ আৰু অন্বেষণ: অৱসৰৰ সময়ত ভ্ৰমণ কৰাটো এক সমৃদ্ধিশালী অভিজ্ঞতা হ’ব পাৰে। নতুন সংস্কৃতি, খাদ্যৰ স্বাদ আৰু প্ৰাকৃতিক পৰিৱেশৰ অন্বেষণে ব্যক্তিৰ অন্তৰাত্মা সজীৱ কৰি তোলে আৰু স্থায়ী স্মৃতিৰ সৃষ্টি কৰিব পাৰে।

৪/ স্বেচ্ছাসেৱী কৰ্ম: অৱসৰে ব্যক্তিক সমাজত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ সুযোগ দিয়ে। দাতব্য সংস্থাৰ বাবে স্বেচ্ছাসেৱী কাম কৰা, নৱ প্ৰজন্মক মেণ্টৰিং কৰা বা সেৱা প্ৰকল্পত জড়িত হ’লে আনক সহায় কৰাৰ সুখানুভূতি দিয়াৰ লগতে জীৱনক পূৰ্ণতা দিয়া যেন অনুভূতি প্ৰাপ্তি হ’ব পাৰে।

৫/সৃষ্টিশীলতা: অৱসৰৰ সময় হৈছে সৃষ্টিশীল কৰ্মত মনোনিৱেশ কৰাৰ সময়। কৰ্মজীৱনৰ ব্যস্ততাই আনি দিয়া জঠৰতা ভাঙি হাতত কলম তুলি ব্যক্তিয়ে নিজৰ সৃষ্টিশীলতাক ন-জাগৰণ দিব পাৰে।