NORTHEAST NOW (Assamese)
অসম

অত্যন্ত উদ্বেগজনক অৱস্থাত আছিল ডোনাল্ড ট্ৰাম্প; পৰৱৰ্তী ৪৮ঘন্টা গুৰুত্বপূৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 11:47 am
TRUMP

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শুকুৰবাৰে অত্যন্ত উদ্বেগজনক অৱস্থাৰ মাজেৰে পাৰ কৰিছে।

শাৰীৰিক দিশৰ পৰা অহা ৪৮ ঘন্টা তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিছে হোৱাইট হাউছৰ চীফ অফ ষ্টাফ মিডোজে।

শুকুৰবাৰে সামৰিক হাস্পাতলত ভৰ্তি কৰোৱাৰ পূৰ্বে  ট্ৰাম্পক বাহিৰৰ পৰা অক্সিজেন দিয়া হৈছিল।

মিডোজে অৱশ্যে জানিবলৈ দিছে যে ট্ৰাম্পৰ সামান্য কৰ’না ভাইৰাছৰ লক্ষণ আছে। সামৰিক হাস্পাতলৰ পৰা আহ্বান কৰা সংবাদমেলত ট্ৰাম্পৰ শাৰীৰিক অৱস্থা সম্পৰ্কে অৱগত কৰা হয়।

ট্ৰাম্পৰ চিকিৎসকসকলে দিয়া উত্তৰত বহু প্ৰশ্নৰ অৱতাৰণা কৰে।

ট্ৰাম্পক অক্সিজেন দিয়া হৈছিল নে নাই তাক লৈয়ো অস্পষ্টতা দেখা গৈছে। ৰাষ্ট্ৰপতিগৰাকী কেতিয়াৰ পৰা অসুস্থ হৈছিল সেই বিষয়েও কোনো মন্তব্য কৰা হোৱা নাই।

শনিবাৰে তেওঁক অক্সিজেন দিয়া হোৱা নাছিল আৰু বিগত ২৪ঘন্টাত তেওঁৰ জ্বৰ অহা নাই বুলিও জানিবলৈ  চিকিৎসকে জানিবলৈ দিয়ে।

ডোনাল্ড ট্ৰাম্পৰ স্বাস্থ্যক লৈ অৱশ্যে আশা প্ৰকাশ কৰিছে চিকিৎসকে। ট্ৰাম্পৰ চিকিৎসক কোনলিয়ে কয়,’’ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ যি উন্নতি ঘটিছে তাত এই মুহূৰ্তত আমি অত্যন্ত আনন্দিত।‘’

ইপিনে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজেও সুস্থতা অনুভৱ কৰাৰ কথা জানিব দিছে কোৱা হৈছে।