NORTHEAST NOW (Assamese)
অসম

আকৌ উৎকোচ গ্ৰহণ কৰি আধ্যা পৰিল অন্য এজন চৰকাৰী চাকৰিয়ালৰ জীৱন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2023 9:00 am
আকৌ উৎকোচ গ্ৰহণ কৰি আধ্যা পৰিল অন্য এজন চৰকাৰী চাকৰিয়ালৰ জীৱন

দহ হাজাৰ টকা। মাথোঁ দহ হাজাৰ টকা ঘোচ লওঁতেই CM ভিজিলেঞ্চে হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে কৰ অধীক্ষক নীৰেন ভট্টাচাৰ্যক। ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক পদত অধিস্থিত আছিল নীৰেন ভট্টাচাৰ্য।

কালি সন্ধিয়া ৬ বাজি ১০ মিনিটত গ্ৰেপ্তাৰ হোৱা নীৰেন ভট্টাচাৰ্যই GSTৰ কামৰ বাবে এজন লোকৰ পৰা দাবী কৰিছিল ১০ হাজাৰ টকা।

চতুৰ আছিল ঘোচ দিয়া ঘোচ ব্যক্তিগৰাকী। ঘোচ দিয়াৰ পূৰ্বে লোকজন কাষ চাপিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ। অভিযোগকাৰীৰ মুখে সকলো কথা শুনা মাত্ৰকে অভিযান চলালে CM ভিজিলেঞ্চে। অভিযানত শীৰ্ষ কৰ বিষয়া নীৰেন ভট্টাচাৰ্যৰ পৰা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই জব্দ কৰিছে ঘোচ হিচাপে লোৱা ১০ হাজাৰ টকা।

গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যিক কৰ অধীক্ষক তথা উপ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্যক মাৰাথন জেৰা চলাইছে CM ভিজিলেঞ্চে। নিশাৰ ভাগতে CM ভিজিলেঞ্চে অভিযান চলাই আছে কৰ বিষয়া নীৰেন ভট্টাচাৰ্যৰ ঘৰত। নীৰেন ভট্টাচাৰ্যৰ দৰে এগৰাকী শীৰ্ষ বিষয়াই ১০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা ঘটনা চৰ্চিত হৈছে সমগ্ৰ ৰাজ্যত।