NORTHEAST NOW (Assamese)

যুদ্ধ হ’লে ভাৰত পৰাজিত হোৱাটো নিশ্চিত, ভাৰতক সকীয়ালে চীনে

September 6, 2020 7:50 am · এন ই নাও নিউজ
Updated: September 6, 2020 8:46 am

লাডাখত চীনৰ সেনাই চলোৱা আগ্ৰাসন আৰু ২০ জনকৈ ভাৰতীয় সেনাক চীনা সেনাই কৰা হত্যাই এতিয়া চীন-ভাৰত সম্পৰ্কত বৃহৎ ফাঁটৰ সৃষ্টি কৰিছে।

এনে সময়তে চীন আৰু ভাৰতৰ মাজত যুদ্ধৰ পৰিবেশে বিৰাজ কৰিছে।

সৌসিদিনা ৰাছিয়াত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱে ফাঙৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আলোচনা কৰাৰ পিছতেই চীনে ভাৰতক এইবুলি সকীয়নি দিছে যে যদি দেশ দুখনৰ মাজত যুদ্ধ লাগে তেন্তে ভাৰতে পৰাজয় বৰণ কৰাটো নিশ্চিত।

চীনৰ চৰকাৰী সংবাদপত্ৰ ‘গ্লোৱেল টাইমছ’ৰ সম্পাদকীয়ত ভাৰতক এই সকীয়নি দি কোৱা হৈছে যে ভাৰততকৈ চীনৰ সামৰিক শক্তি যথেষ্ট বেছি।

সেয়ে চীনৰ প্ৰতাপৰ সন্মুখত ভাৰতে মুঠেও টিকি থাকিব নোৱাৰে।

সম্পাদকীয়টোত লগতে কোৱা হৈছে যে চীন আৰু ভাৰত দুই বিশাল শক্তি যদিও ভাৰতৰ তুলনাত চীন বেছি শক্তিশালী ।

সেয়ে চীনৰ সৈতে ভাৰতে এঘৰী যুঁজিম বুলি ভাবিলে ভুল কৰা হ’ব।

ভাৰতৰ এনে পদক্ষেপে দেশ খনক অধিক বিপদৰ মাজলৈহে ঠেলি দিব বুলি ‘গ্লোৱেল টাইমছ’ৰ সম্পাদকীয়ত প্ৰকাশ।

সম্পাদকীয়টোত লগতে কোৱা হৈছে যে চীনে যিদৰে দেশখনৰ সাধাৰণ জনতাৰ ভাৱাবেগক গুৰুত্ব দিয়ে ঠিক তেনেদৰে ভাৰতীয় লোকৰ ভাৱাবেগকো দেশ খনে সন্মান কৰে।

Related News