NORTHEAST NOW (Assamese)
দেশ

দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কৃত্ৰিম বৰষুণৰ বাবে সাজু আই আই টি কাণপুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 6, 2023 7:19 pm

বায়ু প্ৰদূষণৰ চৰম মাত্ৰাত উপনীত হৈছে ৰাজধানী দিল্লী । এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেজৰিৱাল চৰকাৰে ইতিমধ্যে যাতায়তৰ ক্ষেত্ৰত ইভেন অড ফৰ্মুলা আৰম্ভ কৰিছে। বিদ্যালয়, মহাবিদ্যালয়সমূহেও বন্ধৰ দিন ঘোষণা কৰিছে। 

কিন্তু এই সকলোবোৰ কৰিযও প্ৰদূষণ হ্ৰাস কৰিব পৰা নাই চৰকাৰে। প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে প্ৰয়োজন হৈছে বৰষুণৰ।  কিন্তু নৱেম্বৰ মাহত বৰষুণ দিয়াৰ সম্ভাৱনা অতি কম। 

গতিকে এইবাৰ আই আই টি, কাণপুৰে কৃত্ৰিম পদ্ধতিৰে বৰষুণৰ নমাই অনাৰ প্ৰস্তাৱ দিছে। 

আই আই টি, কাণপুৰৰ গৱেষকসকলে কয় যে তেওঁলোকে কৃত্ৰিম ডাৱৰ সৃষ্টি কৰি বৰষুণ নমাই আনিবলৈ সাজু।

আই আই টি কাণপুৰে যোৱা ৫ বছৰ ধৰি প্ৰদূষণ ৰোধৰ বাবে কৃত্ৰিমভাৱে ডাৱৰ সৃষ্টি কৰি কৃত্ৰিম বৰষুণৰ বিষয়টো লৈ কাম কৰি আহিছে। 

সূত্ৰ অনুসৰি যোৱা জুলাই মাহতো আই আই টি খনে ইয়াৰ পৰীক্ষাত সফল হৈছিল। এইবাৰ সামগ্ৰিকভাৱে দিল্লী আৰু সংলগ্ন এনচিআৰ অঞ্চলত প্ৰদূষণ ৰোধৰ বাবে কৃত্ৰিম বৰষুণ নমাই অনাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই। 

আই আই টি, কাণপুৰ কৰ্তৃপক্ষই কয় যে এই সন্দৰ্ভত ইতিমধ্যে ডি জি চি এৰ পৰা অনুমতি বিচৰা হৈছে। উল্লেখ্য যে, ডিজিচিএৰ বাহিৰেও কৃত্ৰিম বৰষুণৰ বাবে গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ পৰা একাধিক অনুমোদনৰ প্ৰয়োজন। 

অৱশ্যে যোৱা ছেপ্টেম্বৰ মাহত দিল্লীৰ পৰিবেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে মহানগৰীত বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ শীতকালীন ব্যৱস্থা হিচাপে ডাৱৰ সৃষ্টিৰ প্ৰস্তুতি চলাইছে। কৃত্ৰিম বৰষুণে সাময়িকভাৱে প্ৰদূষণৰ পৰা কিছু সকাহ দিব পাৰে বুলি কয় আই আই টি কাণপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালাই।