NORTHEAST NOW (Assamese)

মহাকাশৰ পৰা অসমৰ কমাৰগাঁৱত খহি পৰা উল্কাপিণ্ডকলৈ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিছে খড়গপুৰ আইআইটিৰ গৱেষকে

June 24, 2021 11:36 am · এন ই নাও নিউজ
Updated: June 24, 2021 11:39 am

বিশাল মহাকাশৰ নানান ৰহস্যই প্ৰতিদিনেই মানুহক বিস্ময়াভূত কৰি আহিছে। মহাকাশৰ পৰা উফৰি আহি অসমৰ কমাৰগাঁৱত পৰা এটা উল্কাপিণ্ডকলৈও বহুতৰে মনত কৌতূহলৰ সৃষ্টি হৈ আহিছে।

দিনটো আছিল ২০১৫ চনৰ ১৩ নৱেম্বৰ। সেই দিনটোতে অসমৰ কমাৰগাঁৱত আহি পৰিছিল এটা উল্কাপিণ্ড। সেই উল্কাপিণ্ডটোকলৈ এতিয়া বিস্তৰ গৱেষণা তথা অধ্যয়ন চলাইছে খড়গপুৰ আইআইটিক এদল গৱেষক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে।

খড়গপুৰ আইআইটিৰ গৱেষকৰ দলটোৱে কমাৰগাঁৱত আহি পৰা উল্কাপিণ্ড়টোৰ পৰা পৃথিৱীৰ জন্ম ৰহস্যৰ কিবা তথ্য পাব পাৰি নেকি সেয়া অধ্যয়ন কৰিছে।

গৱেষকৰ দলটোৱে চলোৱা গৱেষণাত এই কথা স্পষ্ট হৈ পৰিছে যে উল্কাপিণ্ডটো যি পদাৰ্থৰে গঠিত সেয়া পৃথিবীৰ খোলাটোৰ ঠিক তলতে থকা ভূগৰ্ভৰ মেণ্টল স্তৰত পোৱা পদাৰ্থৰ সৈতে একে।

পৃথিৱীৰ খোলাটোৰ তলত প্ৰায় ২,৯০০ কিলোমিটাৰ ব্যাপি আছে এই মেণ্টল স্তৰ। পৃথিৱীৰ ভূগৰ্ভত থকা পদাৰ্থৰ প্ৰায় ৮৪ শতাংশ অধিকাৰ কৰি আছে মেণ্টল স্তৰে।

এই স্তৰৰ শিলত পোৱা যায় অলিভিন নামৰ এক পদাৰ্থ, যিবিধ পদাৰ্থ অসমত আহি পৰা উল্কাপিণ্ডটোতো পোৱা গৈছে।

আইআইটিৰ গৱেষকৰ দলটোৰ অন্যতম ডঃ সুজয় ঘোষে প্ৰকাশ কৰা মতে উল্কাপিণ্ডত অলিভিনৰ উপস্থিতি থকাৰ কথা এয়াই প্ৰথম।

এনে পদাৰ্থ অতি উচ্চ তাপ আৰু চাপত গলি যায়। উল্কাপিণ্ডটোও অতি উচ্চ তাপৰ মাজৰ পৰা পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে পৃথিৱীলৈ নামি আহিছিল বুলি তেওঁ কয়।

এনেধৰণৰ উল্কাপিণ্ডক L6 chondrite শ্ৰেণীৰ উল্কা বুলি কোৱা হয়।

Related News