NORTHEAST NOW (Assamese)
অসম

কয়লাৰ অবৈধ বেহা! নামদাঙত চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ June 14, 2021 1:08 pm
Coal loaded truck seizeed

মাৰ্ঘেৰিটাৰ নামদাঙত এখন চোৰাং কয়লা ভৰ্তি মেক্স জব্দ কৰা হৈছে।

আজি মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং নিছু লাইনত চোৰাংকৈ কয়লা সৰবৰাহ কৰা AS 23 CC 3780 নম্বৰৰ মেক্স ডিআই গাড়ী সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়া হয়।

দীৰ্ঘদিন ধৰি নামদাং বৰগোলাই লিডু আদি অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় সম্পদ কয়লা একাংশ কয়লা চোৰে মেক্স জাতীয় গাড়ীত ওপৰত বালি, মাটি,ভঙা ইটা আদি দি কৌশলেৰে কয়লাৰ চোৰাং বেহা চলাই স্থানীয় ইটা ভাটা সমূহত যোগান দি আহিছিল।

ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।