NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাত অবৈধ কাঠফলা কল উৎখাত

June 3, 2021 6:14 pm · প্ৰণৱ কুমাৰ ডেকা

বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত সহকাৰী বন সংৰক্ষকৰ লগতে বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা প্ৰথম খণ্ডত অভিযান চলাই এটা অবৈধ কাঠফলা কল উৎখাত কৰে ৷

অভিযানকাৰী দলে কিছু সংখ্যক অবৈধ কাঠো জব্দ কৰে ৷

পিছত উক্ত জব্দকৃত কাঠখিনি আৰু কাঠফলা কলটো অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়লৈ আনে।

অৱশ্যে কাঠফলা কলৰ গৰাকী তথা চোৰাং কাঠৰ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল যদিও কৰায়ত্ত কৰাৰ বাবে বন বিভাগে তদন্ত আৰম্ভ কৰিছে।

Related News