NORTHEAST NOW (Assamese)
অসম

বোকাখাতত গঁড়ৰ খৰ্গৰে সৈতে এজনক আটক : দুটা চিকাৰীক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 3, 2021 7:28 pm
TET-715x375

গোপনে লাভ কৰা এক সুত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি অভিযান চলায় বোকাখাতৰ আমটেঙা তিনি আলিৰ পৰা গঁড়ৰ খৰ্গৰে সৈতে এজন লোকক আটক কৰে ৷

ধৃত লোকজন আমটেঙা গাওঁৰ টিপুল কুটুম বুলি জানিব পৰা গৈছে ৷ লোক জনে এটা বেগত পাচলিৰ মাজত এটা গঁড়ৰ খৰ্গ ভৰাই বিক্ৰীৰ বাবে আনিছিল ৷

এই তথ্য লাভ কৰি গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে গঁড়ৰ খৰ্গৰে সৈতে টিপুল কুটুমক নামৰ লোকজনক আমটেঙা তিনি আলিতে আটক কৰে আৰু টিপুল কুটুমৰ বেগৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে ৷

এই সন্দৰ্ভত আজি বিয়লি বোকাখাত থানাত আয়োজিত এক সংবাদ মেলত জব্দ কৰা গঁড়ৰ খৰ্গটোৰ ওজন ৮৪০ গ্ৰাম বুলি জনায় গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰবীন কুমাৰে ৷
ঘটনাৰ সন্দৰ্ভত বোকাখাত থানাত এটা গোচৰ ৰজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে ৷

ইফালে আন এক তথ্যৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি গঁড় হত্যাৰ পৰিকল্পনা চলোৱা দুই গঁড় চিকাৰীকো কৰায়ত্ব কৰিছে ৷

ধৃত চিকাৰী কেইটা বোকাখাত মহকুমাৰ ৰঙাগড়াৰ অজয় ভূঁই আৰু ডম্বাৰু পায়েং বুলি আৰক্ষী অধীক্ষকে জনায় ৷ চিকাৰী দুটা পূৰ্বৰ গঁড় হত্যাৰ গোচৰৰ সৈতে জড়িত বুলিও তেওঁ জনায় ৷