NORTHEAST NOW (Assamese)

“মই আহি আছোঁ” : সামাজিক মাধ্যমত পোষ্ট শ্যামকানু মহন্তৰ

September 29, 2025 6:52 pm · এন ই নাও নিউজ, গুৱাহাটী

জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দ্বিতীয় বাৰৰ বাবে মুখ খুলিছে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই।

সোমবাৰে সন্ধ্যা শ্যামকানু মহন্তই ফেচবুকত লিখিছে –  “শ্ৰদ্ধাৰ ৰাইজ। মই আহি আছো সোনকালে, ইতিমধ‍্যে পুলিচক জনাইছো। চৰকাৰ প্ৰশাসনক সম্পুৰ্ণ ৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। এছ আইটি এ সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্য‍্যয়ৰ অনুসন্ধান হওক, তন্ন তন্ন কৈ সকলো দিশ, সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু, মোৰ অতি মৰমৰ জুবিনৰ মৃত‍্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাকে কামনা কৰিম।”

উল্লেখ্য যে এই পোষ্টটো দিয়াৰ কিছু সময়ৰ আগলৈকে শ্যামকানু মহন্তক ছিংগাপুৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি খবৰ প্ৰচাৰ পাইছিল যদিও এই বিষয়ে চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

Related News