NORTHEAST NOW (Assamese)

দেশজুৰি ধৰ্মঘটৰ আহ্বান! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ গ’ল সকলো অ’পিডি; ৰোগীৰ হাহাকাৰ

August 17, 2024 11:13 am · এন ই নাও নিউজ, গুৱাহাটী

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদ চলি আছে। প্ৰতিবাদৰ শিখাই বিদেশৰ ভূমিতো বিয়পি পৰিছে। এনে পৰিস্থিতিত চিকিৎসকৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে শনিবাৰে সমগ্ৰ দেশতে ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনায়। শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ জৰুৰীকালীন বাহিৰে আন সকলো চিকিৎসা সেৱা বন্ধ থাকিব।

ফলত আউটডোৰ খোলা নাথাকিব। সংস্থাটোৰ মতে, ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসকে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব।

বুধবাৰে নিশা আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত বৃহস্পতিবাৰে জৰুৰী বৈঠকত ভাৰতীয় চিকিৎসা সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে। আন মেডিকেল কলেজৰ চিকিৎসালয়ৰ চিকিৎসকেও এই ধৰ্মঘটত যোগদান কৰিছে। ফলত ৰোগীসকলৰ হাহাকাৰ অৱস্থা অব্যাহত আছে।

লগতে পঢ়কঃ “আৰ জি কৰৰ যুৱতী চিকিৎসকৰ ছবি বা নাম প্ৰকাশ নকৰিব, আইনমতে নিষিদ্ধ”, ক’লে উচ্চ ন্যায়ালয়ে

অসমতো চিকিৎসকসকলে এই ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাইছে। ৰাজ্যৰ প্ৰধান চিকিৎসালয়সমূহৰ লগতে আন চিকিৎসাকৰ্মীসকলেও ধৰ্মঘটত যোগদান কৰিছে। শুকুৰবাৰে জিএমচিএইচকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে। 

Related News