• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আৰ জি কৰৰ যুৱতী চিকিৎসকৰ ছবি বা নাম প্ৰকাশ নকৰিব, আইনমতে নিষিদ্ধ”, ক’লে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2024 8:45 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা আছে। তথাপিও ছচিয়েল মিডিয়াত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ যুৱতী চিকিৎসকৰ ছবি প্ৰকাশ পাইছে। তেওঁৰ নামো লিখা হৈছে। ফেচবুক, এক্সৰ পৰা আৰম্ভ কৰি হোৱাটছএপ ষ্টেটাছলৈকে – বহুতে সেই কাম কৰি আছে। সেই কাম বন্ধ কৰিবলৈ কৈছে কলকাতা উচ্চ ন্যায়ালয়ে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে যুৱতী চিকিৎসকজনৰ ফটো, নাম বা কোনো পৰিচয়  প্ৰকাশ নকৰিবলৈ আহ্বান জনায়।

শুকুৰবাৰে উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত যুৱতী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃৰ অধিবক্তাই কয়, ‘ছ’চিয়েল মিডিয়াত যুৱতী চিকিৎসকজনৰ ছবিখন বিয়পি পৰিছে। যদি সেইটো বন্ধ কৰিব পৰা যায়।’ তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য ন্যায়াধীশ টি এছ শিৱজ্ঞানম আৰু ন্যায়াধীশ হিৰণ্ময় ভট্টাচাৰ্যৰ বিভাগীয় বিচাৰপীঠে সুধিলে, ‘তেনে হৈছে নেকি?’ অধিবক্তাই কয়, ‘হয়।’

লগতে পঢ়কঃ কোকৰাঝাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ : শহুৰেকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Apply Now

তাৰ পিছতে উচ্চ ন্যায়ালয়ে কয় যে, ‘আইনত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰাত বাধা আছে। যুৱতী চিকিৎসকগৰাকীৰ চিনাকি সকলক আমি অনুৰোধ কৰিছো যে তেওঁৰ নাম, পৰিচয় বা অন্যান্য তথ্য প্ৰকাশ নকৰিব। সংবাদ মাধ্যমকো অনুৰোধ কৰিছো যে তেওঁৰ পৰিচয় বা ছবি প্ৰকাশ নকৰিব।’

দৰাচলতে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছিল যে ধৰ্ষণৰ বলি হোৱা কোনো ব্যক্তিৰ নাম বা পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁৰ আত্মীয়ৰ অনুমতি লৈও সেই কাম কৰিব নোৱাৰিব। ২০২১ চনত উচ্চতম ন্যায়ালয়ে আনকি ধৰ্ষণকাৰীৰ নাম প্ৰকাশ কৰাৰ বাবে নিম্ন আদালতৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰিছিল। কোনো ধৰণে যাতে তেওঁৰ নাম বা পৰিচয় প্ৰকাশ কৰা নহয় তাৰ বাবে সাৱধান হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

লগতে পঢ়কঃ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জিলিকি উঠিল চাৰিখন অসমীয়া ছবি

কিন্তু আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পিছত বহুতে তেওঁৰ নাম প্ৰকাশ কৰে। বহুতে ছবিও পোষ্ট কৰে। আনকি চেলিব্ৰিটিসকলেও তেওঁৰ নাম প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে যেতিয়া যাদৱপুৰত ‘ৰাতি দখল কৰো’ কাৰ্যসূচী চলি আছিল, তেতিয়াও আয়োজকসকলে যুৱতী চিকিৎসকজনৰ পৰিচয় প্ৰকাশ কৰাত বাধা দিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm
ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd