NORTHEAST NOW (Assamese)
Popular Stories

টাইব্ৰেকাৰত ৩৪টা পেনাল্টি! কল্পনা কৰিব পাৰিনে? ঐতিহাসিক জয় সাৱ্যস্ত নেদাৰলেণ্ডৰ ক্লাবৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2024 10:05 am

টাইব্ৰেকাৰত ৩৪টা পেনাল্টি শ্বট। কল্পনা কৰিব পাৰিনে? হয়, বাস্তৱত সেইটোৱে  ঘটিছে। দৰাচলতে এ এফ চি আয়াক্স আৰু পানাথিনাইকোছ এফ.চি.ৰ মাজৰ খেলখনত দেখা গ’ল মাৰাথন পেনাল্টি শ্বট। একেৰাহে ৩৪টা পেনাল্টি শ্বটৰ  দীঘলীয়া টাইব্ৰেকাৰৰ অন্তত নেদাৰলেণ্ডৰ ক্লাব আয়াক্সে জয়লাভ কৰে।

ইয়াৰ লগে লগে এই মেচখন ইউৰোপীয় ফুটবলৰ দীঘলীয়া পেনাল্টি শ্বুট আউট তালিকাত অন্তৰ্ভুক্ত হ’ল।

ইউৰোপা লীগৰ খেলখনত আয়াক্স আৰু পানাথিনাইকোছৰ মুখামুখি হয় । পৰিস্থিতি এনেকুৱা আছিল যে এই মেচত জয়ী হোৱা দলটো প্লে অফত থাকিব। তাৰ পৰা নিজ নিজ দলে প্ৰতিযোগিতাৰ মূলপৰ্বত খেলিব। উল্লেখ্য যে এই দুটা দলে যোৱা সপ্তাহত এথেন্সত মুখামুখি হৈছিল।

লগতে পঢ়কঃ “আৰ জি কৰৰ যুৱতী চিকিৎসকৰ ছবি বা নাম প্ৰকাশ নকৰিব, আইনমতে নিষিদ্ধ”, ক’লে উচ্চ ন্যায়ালয়ে

সেই মেচখনত আয়াক্সে ১-০ গ’লত জয়লাভ কৰিছিল। কিন্তু ঘৰুৱা খেলপথাৰত ০-১ গ’লত পৰাস্ত হয় আয়াক্স। ফলত দুয়োখন লেগৰ ফলাফল ১-১ হয়।

সেই সময়তে পেনাল্টি শ্বুটআউটত দুয়োটা দলে এটাকৈ শ্বট মিছ কৰাৰ বাবে মেচখন হঠাতে ছাডেন ডেথলৈ যায়। আৰু তাতেই আৰম্ভ হয় নাটকখন। এবাৰ যদি আয়াক্সে গ’ল দিয়ে গ্ৰীক ক্লাবেও ওলোটাই গ’ল দিয়ে।

সেইদৰে, যদি আয়াক্সে শ্বট নষ্ট কৰে তেন্তে পানাথিনাইকোছেও গ’ল নষ্ট কৰে। ১৭ ৰাউণ্ডলৈকে ছাডেন ডেথ চলি থাকে। শেষত পানাথিনাইকোছৰ হৈ ছাডেন ডেথত  গ’ল দিব নোৱাৰিলে টনি ভিলহেনাই। আনহাতে, আয়াক্সৰ হৈ এণ্টনে গ’ল দিয়ে।

লগতে পঢ়কঃ চাণক্য নীতি: এই ৪ বিধ মানুহৰ লগত কেতিয়াও কাজিয়া নকৰিব,পস্তাব লাগিব গোটেই জীৱন

ফলত পেনাল্টি শ্বুটআউটত আয়াক্সে ১৩–১২ গ’লৰ ব্যধানত জয়লাভ কৰে। ইউৰোপীয় ফুটবলৰ ইতিহাসত এইটোৱেই এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক স্ক’ৰ। যোৱা ২০২৩ চনৰ জুলাই মাহত ইউৰোপা লীগত মাল্টা ক্লাব জিৰাই উত্তৰ আয়াৰলেণ্ডৰ ক্লাব গ্লেণ্টোৰানক ১৪-১৩ গ’লত পৰাস্ত কৰিছিল।