NORTHEAST NOW (Assamese)

মণিপুৰ : প্ৰথমে ছয় সহকৰ্মীক আৰু তাৰপিছত নিজকে গুলীয়ালে অসম ৰাইফলছৰ জোৱানে

January 24, 2024 2:38 pm · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মণিপুৰত আছাম ৰাইফলছৰ এজন জোৱানে গুলীয়ালে ছয় সহকৰ্মীক। তাৰ পিছত জোৱানজনে নিজৰ ওপৰতো গুলীচালনা কৰে। আহত আটাইকেইজনক সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। 

বৰ্তমান আটাইকেইজন জোৱান সুস্থিৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে। লগতে মণিপুৰৰ অশান্তিৰ লগত এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

জানিব পৰা মতে, মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। দক্ষিণ মণিপুৰৰ সাজিক টাম্পক অঞ্চলৰ সেনা শিবিৰত এই ঘটনা সংঘটিত হৈছে। 

মণিপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে মণিপুৰৰ অশান্তিৰ পৰিৱেশত সঠিক তথ্য প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। মণিপুৰৰ অশান্তিৰ এই দুখজনক ঘটনাৰ লগত কোনো সম্পৰ্ক নাই। আহতসকলৰ এজনো মণিপুৰৰ বাসিন্দা নহয়।

Related News