NORTHEAST NOW (Assamese)

পুনৰ হিংসা মণিপুৰত! ইম্ফলৰ স্কুলৰ বাহিৰত মহিলাক ‘গুলীয়াই হত্যা’

July 6, 2023 2:21 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

মণিপুৰৰ ইম্ফল পশ্চিমত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছে।

মণিপুৰৰ ইম্ফল পশ্চিমৰ এখন বিদ্যালয়ৰ বাহিৰত বৃহস্পতিবাৰে (০৬ জুলাই) সংঘটিত হয় এই ঘটনা।

লগতে পঢ়ক: ‘এই বিশ্বাসঘাতকতা মানুহে কেতিয়াও ক্ষমা নকৰে’, ‘কাটাপ্পা’ক সোঁৱৰাই দিলে ‘বাহুবলী’ৰ অনুৰাগীয়ে

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ শিশু নিষ্ঠা নিকেতন বিদ্যালয়ৰ বাহিৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বুধবাৰে (০৫ জুলাই) সমগ্ৰ মণিপুৰৰ বিদ্যালয় খোলাৰ মাত্ৰ এদিন পিছতে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।

লগতে পঢ়ক: শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

হিংসাত্মক পৰিস্থিতিত বিধ্বস্ত মণিপুৰত আপেক্ষিকভাৱে শান্তি বিৰাজ কৰিছে যদিও ৰাজ্যখনৰ পৰা গুলীচালনাৰ দৰে বিক্ষিপ্ত ঘটনাৰ খবৰ পোৱা গৈছে।

Related News