NORTHEAST NOW (Assamese)
অসম

শুল্ক যুদ্ধত এইবাৰ ট্ৰাম্পৰ লক্ষ্য ‘বন্ধু’ মোডীৰ দেশ; ভাৰতৰ ওপৰতো ওলোটা শুল্ক আৰোপৰ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2025 11:00 am

আমেৰিকান কংগ্ৰেছৰ যৌথ অধিৱেশনত প্ৰথম ভাষণত ট্ৰাম্পে ভাৰতৰ শুল্কক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। ভাৰতৰ লগতে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষিণ কোৰিয়া, চীন, কানাডা, মেক্সিকোকো তীব্ৰ সমালোচনা কৰে। তেওঁৰ ভাষাত, “এই দেশসমূহৰ শুল্ক আৰোপ কৰাৰ বিষয়টো গ্ৰহণযোগ্য নহয়। এইটো অন্যায়।’ তাৰ পিছতে তেওঁ পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

নিজৰ ভাষণত ড’নাল্ড ট্ৰাম্পে কয় যে আমি ২ এপ্ৰিলৰ পৰা পাৰস্পৰিক শুল্ক আৰোপ কৰিম। মই বিচাৰিছিলো যে ১ এপ্ৰিলৰ পৰা ইয়াক কাৰ্যকৰী কৰা হওক। কিন্তু বহুতে হয়তো ভাবিব মই এপ্ৰিল ফুলৰ কৌতুক কৰিছো। অৱশ্যে ২ এপ্ৰিলৰ পৰা আমি আমাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰাসকলৰ দৰেই তেওঁলোকৰ সামগ্ৰীতো শুল্ক আৰোপ কৰিম। যদি তেওঁলোকে আৰ্থিক শুল্কৰ পৰিৱৰ্তে আন কোনো বাধাৰ সৃষ্টি কৰে, তেন্তে আমিও একে কাম কৰিম। আমি তেওঁলোকক আমাৰ বজাৰৰ পৰা আঁতৰাই ৰাখিম।”

উল্লেখ্য যে আমেৰিকালৈ বিভিন্ন বিদেশী সামগ্ৰীৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিলে তাত সামগ্ৰীৰ ৰপ্তানি বন্ধ নহ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মহলৰ এটা অংশই ইয়াৰ কিছু পৰিমাণে প্ৰভাৱ পৰিব আৰু ৰপ্তানি হ্ৰাস পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। ফলত আমেৰিকাৰ গ্ৰাহকে সেই সামগ্ৰীসমূহ অধিক দামত কিনিবলগীয়া হ’ব পাৰে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে গাড়ী, অৰ্ধপৰিবাহী, ঔষধজাত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। অনুমান কৰা হৈছে যে সেই পাৰস্পৰিক শুল্কসমূহ ২এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব পাৰে। ট্ৰাম্প চৰকাৰে এই নতুন শুল্ক আৰোপ কৰাৰ দিশত আগবাঢ়িছে যাতে বিভিন্ন অটোম’বাইল নিৰ্মাতাই আমেৰিকাত গাড়ী নিৰ্মাণ আৰম্ভ কৰিব পাৰে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ কেইবাটাও বিষয়ত দ্বিপাক্ষিক বৈঠক হৈছিল। হোৱাইট হাউছত বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই শুল্ক আৰোপৰ ঘোষণা কৰিছিল ট্ৰাম্পে। তেওঁ কৈছিল যে উচ্চ শুল্কৰ বাবে ভাৰতত ব্যৱসায় কৰাটো অত্যন্ত কঠিন হৈ পৰিছে। কিন্তু বৈঠকৰ পিছত বিষয়টো কিছু ঢাকি ৰখা হ’ল।

অৱশ্যে আজি আমেৰিকাৰ কংগ্ৰেছত ট্ৰাম্পৰ ভাষণত ভাৰতৰ শুল্ক সন্দৰ্ভত তেওঁৰ কণ্ঠত কাৰ্যতঃ অসন্তুষ্টিৰ সুৰ শুনা গ’ল। ভাৰতে সাধাৰণতে বিশ্বৰ আন যিকোনো দেশতকৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰে। সেই পৰিস্থিতিত এতিয়াৰ পৰা ভাৰতীয় সামগ্ৰীৰ শুল্ক আমেৰিকাৰ সামগ্ৰীৰ শুল্কৰ সমান হাৰত হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ‘বাণিজ্যৰ ক্ষেত্ৰত ন্যায়পৰায়ণতাৰ স্বাৰ্থত মই প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা যিকোনো দেশৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব।’

শেহতীয়াকৈ ভাৰতে আমেৰিকাৰ বোৰ্বন হুইস্কিৰ ওপৰত শুল্ক হ্ৰাস কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে আমেৰিকাৰ বোৰ্বন হুইস্কিৰ ওপৰত ১৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। এইবাৰ ৫০ শতাংশৰ পৰা ১০০ শতাংশলৈ হ্ৰাস কৰা হৈছে। ফলত আমেৰিকাৰ জনপ্ৰিয় ব্ৰেণ্ড জিম বিমৰ মূল্য ভাৰতত হ্ৰাস পাব পাৰে। যোৱা ১৩ ফেব্ৰুৱাৰীত এই শুল্ক হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল।

ভাৰতে চলিত বৰ্ষৰ বাজেটত মটৰ চাইকেলৰ শুল্ক হ্ৰাস কৰিছে। ফলত ভাৰতে আমেৰিকাৰ ব্ৰেণ্ড ‘হাৰ্লি ডেভিডছন’ বাইকৰ আমদানি শুল্ক আৰু ১০ শতাংশ হ্ৰাস কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে হাৰ্লি-ডেভিডছনৰ শুল্ক ৫০ শতাংশ হ্ৰাস কৰিছিল। এইবাৰৰ বাজেটত ইয়াক আৰু অধিক হ্ৰাস কৰা হৈছে।