NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2022 6:19 pm

women referees are officiating at a football World Cup ৩৮ বছৰীয়া ফৰাচী মহিলা ৰেফাৰী ষ্টিফেনি ফ্ৰাপাৰ্টে কাটাৰত জাৰ্মানী আৰু কোষ্টাৰিকাৰ মাজৰ খেলখনৰ মুখ্য ৰেফাৰী হিচাপে দায়িত্বত থাকিব। আন দুগৰাকী মহিলা নাইজা বাক আৰু কাৰেন ডিয়াজ সহযোগী ৰেফাৰী হিচাপে থাকিব।

এই দৃশ্য প্ৰথমবাৰৰ বাবে বিশ্বকাপত দেখা যাব। তিনিগৰাকী মহিলা ৰেফাৰীয়ে ২২ জন পুৰুষ ফুটবলাৰৰ খেলখন পৰিচালনা কৰি দেখা যাব।

লগতে পঢ়ক: বহু কৰ্মীৰ চাকৰি গ’ল যদিও এই মহিলাগৰাকীক ছাঁটাই কৰিব নোৱাৰে এলন মাস্কে; কিন্তু কিয়?

ফ্ৰাপাৰ্টে ইতিমধ্যে এবাৰ ইতিহাস সৃষ্টি কৰিছে। মেক্সিকো আৰু পোলেণ্ডৰ মাজত মঙলবাৰে অনুষ্ঠিত হোৱা খেলখনত তেওঁ চতুৰ্থ ৰেফাৰী আছিল যাক এতিয়া ফ’ৰ্থ অফিচিয়েল বুলি কোৱা হয়।

এগৰাকী ফ’ৰ্থ অফিচিয়েল হোৱাটো নিঃসন্দেহে ডাঙৰ কথা, কিন্তু মুখ্য ৰেফাৰী হিচাপে এনে এক গুৰুত্বপূৰ্ণ মেচ পৰিচালনাৰ দায়িত্বত থকাটো বহু বেছি কৃতিত্ব আৰু সন্মানৰ বিষয়। তদুপৰি, দুগৰাকী সহকাৰী ৰেফাৰীও মহিলা। ফলস্বৰূপে, এগৰাকী মহিলা ৰেফাৰী আৰু তেওঁৰ দুজন সহযোগীয়ে পুৰুষ ফুটবলাৰসকলক কেনেদৰে চম্ভালে চাবলৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে।

ফ্ৰাপাৰ্ট আগতে ২০২০ চনৰ চেম্পিয়নছ লীগত দায়িত্ব পাল কৰা প্ৰথম মহিলা ৰেফাৰী হৈ পৰিছিল। তেওঁ আগৰ বছৰ ইউৰোপিয়ান চুপাৰ কাপত লিভাৰপুল বনাম চেলচিৰ দৰে ৰোমাঞ্চকৰ খেল পৰিচালনা কৰিছিল।

লগতে পঢ়ক: সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু

কাটাৰত খেলখন পৰিচালনা কৰিবলৈ মুঠ ৩৬ জন লোকক বাছনি কৰা হৈছে। ফ্ৰাপাৰ্টৰ উপৰিও, আন দুগৰাকী মহিলা হৈছে ৰাৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ ইয়োশিমি য়ামাচিতা।