NORTHEAST NOW (Assamese)

কাজিৰঙাত উলহ-মালহেৰে উদযাপন স্বাধীনতা দিৱস; স্মাৰক উন্মোচনৰ লগতে বনকৰ্মীসকলৰ বাবে বিশেষ স্বাস্থ্য সজাগতা শিৱিৰৰ আয়োজন

August 15, 2019 3:46 pm · উত্তম শইকীয়া
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে আজি অসমৰ বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাতত থকা মুখ্য কাৰ্য্যালয়ত আজি ৰাতিপুৱা স্বাধীনতা দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

অনুষ্ঠানত মুখ্য কাৰ্য্যালয়ত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভাগীয় স্মাৰক উদ্বোধন কৰে সঞ্চালক পেৰিয়াৰ স্বামী শিৱ কুমাৰে৷

আনহাতে, সঞ্চালক আৰু ডি এফ অ’  দুয়োগৰাকী বিষয়াই বন আৰু বণ্যপ্ৰাণী সুৰক্ষাত প্ৰাণ আহুতি দিয়া  স্বহীদৰ স্মৃতি তৰ্পণ কৰে৷

বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ ক্ষেত্ৰত নিষ্ঠাৰে কৰ্তব্য পালন কৰা ২২ গৰাকী বন কৰ্মী, গৃহৰক্ষী আৰু সাময়িক কৰ্মীক কৰ্তৃপক্ষৰ তৰফৰ পৰা মান পত্ৰ, সঁফুৰা আৰু গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷

চাকৰি সূত্ৰে কৰ্মস্থান বদলি হোৱা অভিজিত বৰাক অনুষ্ঠানতে বিদায় সম্ভাষণো জনোৱা হয়৷ ইফালে অগৰাতলি ৰিজৰ্ট,  বৰদৈচিলা ফাউণ্ডেচনৰ সহযোগত কাজিৰঙা ফাউণ্ডেচনে কাজিৰঙাত কৰ্মৰত বন কৰ্মী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ৫ দিনীয়া এক স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে৷

স্বাধীনতা দিৱসৰ আজিৰ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ,  ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া,  সঞ্চালকৰ পৰিবাৰ সত্যপ্ৰিয়া শিৱকুমাৰ, উপ বন সংৰক্ষক খৰ্গৰাম ডেকা ৰজা, প্ৰদীপ কুমাৰ বাৰ্মা, কৃষ্ণ কান্ত দেউৰী, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, অৰুণ বিঘ্নেশ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, খণ্ড বন বিষয়া তৰুণ গগৈ আৰু কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে আৰু বিভিন্ন প্ৰকৃতি সংগঠনৰ বিষয় ববীয়াৰ লগতে বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷

 

Related News