NORTHEAST NOW (Assamese)

নিৰ্বাচনী ৰণদুন্দুভী বজাবলৈ সাজু INDIA: শীঘ্ৰেই আয়োজন কৰিব যৌথ ৰাজহুৱা সভা

September 14, 2023 11:18 am · এন ই নাও নিউজ, গুৱাহাটী

বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁট NDA ৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ প্ৰায় সাজু হৈজে বিৰোধী মিত্ৰজোঁট INDIA। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ লক্ষ্যৰে ইতিপূৰ্বে কেইবাখনো বৈঠকত মিলিত হৈছে INDIA মিত্ৰজোঁট।

বিৰোধী মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে নিৰ্বাচনী ৰণদুন্দুভী বজোৱাৰ উদ্দেশ্যে মধ্যপ্ৰদেশত প্ৰথমখন যৌথ ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিত্ৰজোঁটৰ অংশীদাৰ ডি এম কেৰ এগৰাকী সাংসদে নিশ্চিত কৰিছে এই তথ্য।

ডি এম কেৰ সাংসদ টি আৰ বালুৱে উল্লেখ কৰা মতে, অক্টোবৰৰ প্ৰথম সপ্তাহতে বিৰোধী মিত্ৰজোঁটে নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ ভূপালত যৌথ ৰাজহুৱা সভা অনুষ্ঠিত কৰিব।

আগন্তুক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবেও বিৰোধী মিত্ৰজোঁটে আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা আৰম্ভ কৰিব বুলিও নেতাগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে, বুধবাৰে দিল্লীত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ বাসগৃহত ১২ টা সদস্য দলৰ সহযোগত ভাৰতীয় মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

Related News