NORTHEAST NOW (Assamese)

মাত্ৰ আঢ়ৈ দিনত বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্ট জিকি ছিৰিজ ‘হোৱাইটৱাছ’ ৰোহিত বাহিনীৰ

October 1, 2024 2:47 pm · এন ই নাও নিউজ, গুৱাহাটী

চাবলৈ গ’লে পাঁচ দিনতে কানপুৰ টেষ্টৰ অন্ত পৰিল। কিন্তু মাত্আৰ ঢ়ৈ দিনৰ খেলতে আহিল জয়। খেল চাই টেষ্ট নে টি-২০, ধৰিবই নোৱাৰিব! বহুতে টি-টেন বুলিও কোৱা শুনা গৈছেয। ইয়াৰ পিছত জয়ৰ আছিল মাথোঁ সময়ৰ অপেক্ষা। দ্বিতীয়খন টেষ্টত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি ভাৰতে শৃংখলা হস্তগত কৰে। ছিৰিজ হোৱাইৱাছ হৈ ঘৰলৈ উভতিব বাংলাদেশ।

ভাৰতলৈ অহাৰ পূৰ্বে বাংলাদেশে দুখন টেষ্টত পাকিস্তানক পৰাস্ত কৰিছিল। ভাৰতৰ মাটিত ৰোহিত বাহিনীক হৰুওৱাৰ সপোন দেখিছিল। কিন্তু চাকিব-মুছফিকুৰহঁতে এতিয়া সপোন আৰু বাস্তৱৰ পাৰ্থক্য বুজিব পাৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টত তেওঁলোক ২৮০ ৰানত পৰাস্ত হয়। দ্বিতীয়খন টেষ্টত ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

কিন্তু এটা সময়ত এনে লাগিছিল যেন এই টেষ্টখন ড্ৰ’ৰ দিশে গৈ আছে। বৰষুণৰ বাবে প্ৰথম দিনা মাত্ৰ ৩৫ অভাৰহে খেলা হয়। তেতিয়া বাংলাদেশৰ বেটিং সুস্থিৰ স্থানত আছিল। দ্বিতীয় আৰু তৃতীয় দিনা কোনো বল পৰা নাছিল। চতুৰ্থ দিনা যেতিয়া এই দুয়োটা দলে খেলপথাৰত নামিল, কোনে জানিছিল যে ৰোহিতবাহিনীয়ে টেষ্ট ক্ৰিকেটৰ সংজ্ঞা সলনি কৰিব।

লগতে পঢ়কঃ ছাত্ৰৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত ২টা ছাত্ৰাৱাস বন্ধ কৰি দিলে গুৱাহাটী বিশ্ববিদ্যালয়ে

হাতত মাত্ৰ দুদিন। বাংলাদেশৰ বেটিং বিধ্বস্ত কৰাৰ কাম বুমৰাহ-অশ্বিনে কৰিলে। বাংলাদেশে প্ৰথম ইনিংছত ২৩৩ ৰানত ৰৈছিল। মমিনুল হকে যুঁজ দি শতক অৰ্জন কৰে। ইয়াৰ পিছতেই আৰম্ভ হ’ল ভাৰতৰ আচল ‘খেল’। প্ৰথম তিনিটা অভাৰতে ৫০ৰো অধিক ৰান সংগ্ৰহ কৰে ৰোহিত-যশস্বীয়ে। দলীয় দ্ৰুততম ৫০, ১০০, ২০০ ৰান চতুৰ্থ দিনত সকলো হয় ভাৰতৰ দ্বাৰা। জয়ছোৱালে ৭২ ৰান সংগ্ৰহ কৰে। ভাৰতে নিজস্ব ‘বেছবল’ত ৩৫ অভাৰত ২৮৫ ৰান সংগ্ৰহ কৰে।

চতুৰ্থ দিনৰ শেষত যেতিয়া বাংলাদেশে বেটিং কৰিবলৈ আহিছিল, তেতিয়া ৫২ ৰানত পিছ পৰি আছিল। তেওঁলোকে সেইটো অতিক্ৰম কৰিলে। কিন্তু বহু দূৰলৈ যাব নোৱাৰিলে। বাংলাদেশৰ ইনিংছ ১৪৬ ৰানত বন্ধ হৈ পৰে। বাংলাদেশে ভাৰতক মাত্ৰ ৯৫ ৰানৰ লক্ষ্য দিছিল। ৰোহিত-যশস্বীহঁতৰ আক্ৰমণৰ লগে লগে ভাৰতক জয়ী হ’বলৈ বেছি সময় নালাগিল।

ছাদমান ইছলামে পুৱাই ৰক্ষা কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁ অৰ্ধশতকো অৰ্জন কৰে। কিন্তু অধিনায়ক শান্তৰ অলপ প্ৰতিৰোধৰ বাহিৰে তেওঁ সংগত কাকো নাপালে। শূন্য ৰাণেৰে উভতিছিল ছাকিব আল হাছান। এয়াই চাগে তেওঁৰ জীৱনৰ শেষ টেষ্ট। আৰু তাৰ পৰিসমাপ্তি খুব এটা ভালকৈ নহ’ল।

লগতে পঢ়কঃ গুলীবিদ্ধ অভিনেতা গোবিন্দা! গুলী উফৰি লাগিল অভিনেতাৰ দেহত, ভৰ্তি চিকিৎসালয়ত

শেষৰ ফালে অভিজ্ঞ মুছফিকুৰ ৰহিমে কিছু প্ৰচেষ্টা চলায়। অৱশ্যে তাতো শেষ ৰক্ষা নহ’ল। ব্যক্তিগত ৩৭ ৰানত বুমৰাহৰ বলত বোল্ড হয়মুছফিকুৰ। অশ্বিনে লাভ কৰে ৩টা উইকেট, জাডেজাইও সংগ্ৰহ কৰে ৩টা উইকেট। বুমৰাহেও ৩টা উইকেট দখল কৰে। বাংলাদেশৰ লক্ষ্য অতি সহজে অতিক্ৰম কৰি ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

Related News