NORTHEAST NOW (Assamese)

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

January 25, 2021 12:50 pm · এন ই নাও নিউজ
ছিকিমৰ ভাৰত-চীন সীমান্ত। ফাইল ফটো।

পুনৰ চীনা সৈনিকৰ আগ্ৰাসী মনোভাৱ পোহৰলৈ আহিছে। ছিকিম সীমান্তৰ নাকু লাত ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে চীনৰ সেনা।

বাতৰি অনুসৰি, তিনিদিন পূৰ্বে সংঘটিত এই সংঘৰ্ষত ২০জন চীনৰ সেনা আহত হৈছে। চীনা সৈনিকৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ যোৱাৰ সময়তে দুয়োপক্ষই সংঘৰ্ষত জড়িত হৈ পৰা বুলি কোৱা হৈছে।

ভাৰতীয় সেনাই জানিবলৈ দিয়া মতে চীনৰ সেনাই নাকু লা সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল। ভাৰতীয় সৈনাই বাধা দিয়াৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু সংঘৰ্ষত ২০জন চীনা সেনা আহত হয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সংৰ্ঘষত ভাৰতীয় সেনাও আহত হৈছে। কমেও চাৰিজন ভাৰতীয় সেনা আহত হোৱা বুলি কোৱা হৈছে।

অৱশ্যে, ভাৰতীয় সেনাই চীনা সৈন্যক পিছুৱাই যাবলৈ বাধ্য কৰে। সোমবাৰে ভাৰতীয় সেনাই জানিবলৈ দিয়া মতে নাকু লা সীমান্তত বৰ্তমান পৰিস্থিতি শান্ত হৈ পৰিছে।

বিগত নমাহ ধৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বিৰাজ কৰি আছে। ইয়াৰ মাজতে দেওবাৰে  ভাৰতীয় সেনা আৰু চীনৰ সেনাৰ মাজত নৱম লানি বৈঠক অনুষ্ঠিত হয়।

বাতৰি অনুসৰি, দেওবাৰে পুৱা ১০বজাৰ পৰা আৰম্ভ হোৱা ক’ৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকখন সোমবাৰে নিশা আঢ়ৈ বজাত সমাপ্ত হয়। একেৰাহে প্ৰায় ১৫ ঘন্টা ধৰি মাৰাথন বৈঠক চলে।

জানিব পৰা মতে এই বৈঠকত ভাৰতে চীনৰ আগত সম্পূৰ্ণ ডিছএনগেজমেন্টৰ দাবী তোলে।

Related News