NORTHEAST NOW (Assamese)

বজাৰত জুই! চাউল ৰপ্তানি বন্ধৰ চিন্তা-চৰ্চা চলাইছে কেন্দ্ৰই

July 14, 2023 12:33 pm · এন ই নাও নিউজ, গুৱাহাটী

মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশৰ সৰ্বসাধাৰণ জনতাক। নিত্য ব্যৱহাৰ্য্য সকলো সামগ্ৰীৰে অভূতপূৰ্ব মূল্যবৃদ্ধিৰ প্ৰকোপত কোঙা হৈ পৰিছে জনসাধাৰণ। আন আন সামগ্ৰীৰ লগতে এতিয়া বৃদ্ধি পাইছে চাউলৰ দামো।

বজাৰত চাউলৰ দৰ বৃদ্ধি ৰোধৰ বাবে কেন্দ্ৰই চিন্তা চলাইছে চাউল ৰপ্তানি বন্ধ কৰাৰ। সূত্ৰ অনুসৰি, দেশৰ বজাৰত চাউলৰ দাম নিয়ন্ত্রণত ৰখাৰ উদ্দেশ্যেই বিদেশলৈ চাউল ৰপ্তানি স্থগিত ৰখা সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ বৈঠকো অনুষ্ঠিত হৈছে।

বৈঠকত বাছমতিৰ বাহিৰে সকলো ধৰণৰ চাউলৰ ৰপ্তানি নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত চৰ্চা হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। যদি এনে হয়, ভাৰতৰ পৰা প্ৰায় ৮০ শতাংশ চাউলৰ ৰপ্তানি বন্ধ হৈ পৰিব।

মন কৰিবলগীয়া যে ভাৰতকে ধৰি এছিয়াৰ দেশসমূহে অধিকাংশ চাউল আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰে। অনুমান কৰা হৈছে যে দিল্লীয়ে যদি চাউলৰ ৰপ্তানি ৰোধ কৰে তেন্তে দেশত চাউলৰ মূল্য হ্ৰাস পাব যদিও আন্তঃৰাষ্ট্ৰীয় বজাৰত চাউলৰ মূল্য বহু পৰিমাণে বৃদ্ধি পাব।

ইতিমধ্যে যোৱা দুবছৰৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় বজাৰত চাউলৰ দাম সৰ্বোচ্চ স্তৰত উপনীত হৈছে। লক্ষণীয়ভাৱে, কেৱল ভাৰতে ৪০ শতাংশ চাউল বিশ্ব বজাৰলৈ ৰপ্তানি কৰে। প্ৰায় ১০০খন দেশে এই খাদ্য শস্য ভাৰতৰ পৰা ক্ৰয় কৰে।

Related News