NORTHEAST NOW (Assamese)
দেশ

সীমান্তত চীনৰ ওপৰত নতুন চকু! নতুন ড্ৰ’নেৰে নিৰীক্ষণ কৰা হ’ব চীনৰ সামৰিক কাৰ্যকলাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 12, 2022 6:44 am
China border

দেশৰ পূব প্ৰান্তৰ পূব লাডাখ আৰু ছিকিম খণ্ডত LACৰ কাষত নতুন ড্ৰ’ন মোতায়েন কৰিছে প্ৰতিৰক্ষা বিভাগে। সীমান্তৱৰ্তী এলেকাত চীনৰ সামৰিক কাৰ্যকলাপ নিৰীক্ষণৰ বাবে এই ড্ৰ’নসমূহ নিয়োগ কৰা হৈছে।

প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰ অনুসৰি পূব লাডাখ আৰু ছিকিম খণ্ডত নিয়োগ কৰা এই নতুন ড্ৰ’ন স্কোৱাড্ৰন দুদিন পৰ্যন্ত নিৰীক্ষণ অভিযান চলাব পৰাকৈ সক্ষম।

এই স্কোৱাড্ৰন দুটাত নিয়োগ কৰা ড্ৰ’নসমূহ প্ৰতিৰক্ষা বাহিনীৰ বৰ্তমানৰ ড্ৰ’নসমূহৰ সামৰ্থ্যতকৈ বহু বেছি উন্নত আৰু এই ড্ৰ’নসমূহে বৃহৎ এলেকাজুৰি নিৰীক্ষণ কৰিব পাৰিব বুলি সূত্ৰটোৱে লগতে কয়।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰটোৱে কয়, “পূব লাডাখৰ পৰা অৰুণাচল প্ৰদেশৰ চীন সীমান্তলৈকে সমগ্ৰ LAC- ত চীনৰ সামৰিক কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি ২০২০ চনত গালৱান অঞ্চলৰ পৰা আৰম্ভ কৰি পূব লাডাখত চীনৰ আগ্ৰাসনৰ পিছত ভাৰতীয় বাহিনীৰ সামৰ্থ্য বহুগুণে বৃদ্ধি পাইছে।”

নতুন ড্ৰ’নসমূহত ষ্ট্ৰাইক ক্ষমতা সংলগ্ন কৰা হোৱা নাই যদিও এনে ক্ষমতাসম্পন্ন উন্নত মানদণ্ডলৈ উন্নীত কৰাৰ বিকল্প পথ আছে বুলি প্ৰতিৰক্ষা সূত্ৰই লগতে কয়।