NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2025 2:02 pm

ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাদা ৰাবুকাই আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মঙলবাৰে প্ৰধানমন্ত্ৰী ৰাবুকাই কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৈছিল যে হয়তো কোনোবাই ‘আপোনাৰ ওপৰত বৰ সুখী নহয় কিন্তু আপোনাৰ ব্যক্তিত্ব ইমানেই ডাঙৰ যে আপুনি সেই অস্বস্তিকৰ পৰিস্থিতিসমূহ সহ্য কৰিব পাৰে।

সংবাদ সংস্থা পিটিআইৰ মতে, দিল্লীৰ সপ্ৰু হাউচত ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত আয়োজিত ‘শান্তিৰ সাগৰ বিষয়ক ভাষণ দিয়াৰ পিছতে ৰাবুকাই পিএম মোডীৰ সৈতে হোৱা কথা-বতৰাৰ সবিশেষ ভাগ-বতৰা কৰে।

পি এম ৰাবুকাই কয় যে, “আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে মোৰ কোনো ব্যক্তিগত কথা-বতৰা হোৱা নাই। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ অনুৰোধ জনাইছো। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠক হৈছে। কালি আমি যেতিয়া কথা পাতিছিলো তেতিয়া মই কৈছিলো যে এতিয়া যিয়েই নহওক কিয়, আমেৰিকাৰ সৈতে আপোনাৰ (ভাৰত) সম্পৰ্কত প্ৰভাৱ পৰিছে।”

আমেৰিকাই ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে, যিটো আজি অৰ্থাৎ বুধবাৰৰ পৰা কাৰ্যকৰী হব।