NORTHEAST NOW (Assamese)

আকাশলংঘী ইন্ধনৰ মূল্য: মঙলবাৰে পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম;

May 19, 2026 11:17 am · এন ই নাও নিউজ, গুৱাহাটী

দেশত ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধি অব্যাহত থকাৰ মাজতে মঙলবাৰে এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে। চৰকাৰী তেল প্ৰতিষ্ঠানসমূহে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৯০ পইচাকৈ বৃদ্ধি কৰাৰ লগে লগে দেশজুৰি গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰিছে । উল্লেখ্য যে, চৰকাৰী তেল কোম্পানীসমূহে ইন্ধনৰ মূল্য পুনৰীক্ষণৰ ওপৰত প্ৰায় চাৰি বছৰ ধৰি আৰোপ কৰি থকা নিষেধাজ্ঞাৰ অন্ত পেলাই এই মূল্যবৃদ্ধি ঘটাইছে । উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৃদ্ধিৰ ফলত নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৭.৭৭ টকাৰ পৰা ৯৮.৬৪ টকালৈ আৰু ডিজেলৰ মূল্য ৯০.৬৭ টকাৰ পৰা ৯১.৫৮ টকালৈ বৃদ্ধি পাইছে । 

শেহতীয়া এই মূল্যবৃদ্ধিৰ পাছত অসমৰ ৰাজধানী গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম এতিয়া ১০২.২৯ টকা আৰু ডিজেলৰ দাম ৯৩.৬১ টকা হৈছেগৈ। একেদৰে মুম্বাইত পেট্ৰ’লৰ মূল্য ১০৭.৫৯ টকা আৰু ডিজেলৰ মূল্য ৯৪.০৮ টকা হোৱাৰ বিপৰীতে কলকাতাত পেট্ৰ’লৰ দাম ১০৯.৭০ টকালৈ বৃদ্ধি পাইছে । মন কৰিবলগীয়া যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইল-ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ উপৰিও তেল পৰিবহণৰ গুৰুত্বপূৰ্ণ পথ হৰমুজ জলদ্বীপৰ মাজেৰে যোগান ব্যাহত হোৱাৰ ফলত চৰকাৰী তেল কোম্পানীসমূহ কেইবামাহো ধৰি লোকচানৰ সন্মুখীন হৈছিল। কেইবাখনো ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইমান দিনে ইন্ধনৰ মূল্য স্থিৰ কৰি ৰখা হৈছিল যদিও এতিয়া বৰ্ধিত লোকচান হ্ৰাস কৰিবলৈ চৰকাৰী বিক্ৰেতাসকলে মূল্যবৃদ্ধি কৰিছে। 

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই সোমবাৰে উল্লেখ কৰে যে যোৱা ১৫ মে’ৰ মূল্যবৃদ্ধিৰ ফলত তৈল কোম্পানীসমূহৰ লোকচানৰ মাত্ৰ এক চতুৰ্থাংশহে হ্ৰাস পাইছে । তেওঁ জনোৱা মতে, তেল কোম্পানীসমূহে এতিয়াও প্ৰতিদিনে প্ৰায় ৭৫০ কোটি টকা লোকচানত ভুগি আছে । ক্ৰিচিলৰ (Crisil) প্ৰতিবেদন অনুসৰি, খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ তুলনাত ভাৰতৰ এই খুচুৰা মূল্যবৃদ্ধি অতি সামান্য আৰু এতিয়াও প্ৰতি লিটাৰ পেট্ৰ’লত ১০ টকা আৰু ডিজেলত ১৩ টকা পৰ্যন্ত লোকচান হৈ আছে । ইন্ধনৰ লগতে সংকোচিত প্ৰাকৃতিক গেছৰ (CNG) মূল্যও দেওবাৰে প্ৰতি কিলোগ্ৰামত ১ টকাকৈ বৃদ্ধি পাইছে । 

Related News