NORTHEAST NOW (Assamese)

‘ৰোল অৱ এনগেজমেন্ট’ সলনি ভাৰতৰ : চৰম ক্ষেত্ৰত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব ভাৰতীয় সেনাই

June 21, 2020 6:15 pm · এন ই নাও নিউজ
Updated: June 21, 2020 6:35 pm

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভাৰত আৰু চীনৰ সেনা মুখামুখি হ’লেও আগ্নেয়াস্ত্ৰ ব্যৱহাৰ নকৰা নীতি বৰ্তমানলৈকে ভাৰতে মানি আহিছে।

এই ৰোল অৱ এনগেজমেন্টৰ অনুসৰি ভাৰত-চীন সীমান্তত দুই দেশৰ সৈন্যই নিয়্ন্ত্ৰণ ৰেখাৰ দুই কিলোমিটাৰ অন্তৰ্গত কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব তথা গুলী-বাৰুদ ফুটাব নোৱাৰে।

১৯৯৬ চনত দুই দেশৰ মাজত সম্পাদিত এক দ্বিপাক্ষিক চুক্তি অনুসৰি এই ‘ৰোল অৱ এনগেজমেন্ট’ প্ৰৰ্ৱতন কৰা হৈছিল।

যাৰ ফলত ভাৰত-চীন সীমান্তত যোৱা ৪৫ টা বছৰে হতাহতি লাগিলেও দুয়োপক্ষৰ মাজত এটাও গুলী ফুটা নাছিল।

কিন্তু লাডাখৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত ভাৰতত এই নীতি সলনি কৰাৰ প্ৰয়েজনীয়তাৰ সন্দৰ্ভত চিন্তা চৰ্চাৰ আৰম্ভ হৈছিল।

আৰু ইয়াৰ পিছতে ভাৰতে ৰোল অৱ এনগেজমেন্ট সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া নতুন নিয়মৰ অনুসৰি চূড়ান্ত পৰিস্থিতিত ভাৰতীয় সেনাই ভাৰত-চীন সীমান্তত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব।

এই নীতি সলনিৰ কথা আজি ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

ইফালে গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষই ইতিমধ্যে ছটা দিন অতিক্ৰম কৰি যোৱাৰ পিছতো চীনা সৈন্যই ভাৰতীয় ভূখণ্ড দখল কৰি আছে।

অৱেশ্য উক্ত ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে সীমান্ত এলেকাত ভাৰতীয় সেনাৰ তহলদাৰীত্ব বৃদ্ধি পাইছে।

সীমান্তত ভাৰতীয় সেনাৰ মোতায়েনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

Related News