NORTHEAST NOW (Assamese)

India Post Recruitment 2022: ভাৰতীয় ডাক বিভাগত ৯৮০০০ ৰো অধিক খালী পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ , ক’ত -কিদৰে কৰিব পাৰিব আবেদন?

August 19, 2022 7:18 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: August 20, 2022 3:27 pm

ভাৰতীয় ডাক বিভাগত ৯৮০০০ ৰো অধিক খালী পদত নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷
সমগ্ৰ দেশৰ ২৩ টা চক্ৰত ৯৮,০৮৩ টা পদ পূৰণ কৰিবলৈ ডাক বিভাগে জাননী প্ৰকাশ কৰিছে৷ পদ সমূহৰ ভিতৰত ডাককৰ্মী, মেইল গাৰ্ড আৰু অন্যান্য বিভিন্ন পদ আছে৷

আগ্ৰহী প্ৰাৰ্থীসকলে ভাৰতীয় ডাক বিভাগৰ ৱেবছাইট indiapost.gov.in পৰা নিযুক্তিৰ অধিসূচনা ডাউনলোড কৰিব পাৰিব।

খালী হোৱা পদসমূহ
পোষ্টমেন: ৫৯০৯৯ টা পদ
মেইলগাৰ্ড: ১৪৪৫ টা পদ
মাল্টি-টাস্কিং (এমটিএছ): ৩৭৫৩৯ টা পদ

Also read : Assam Career : অসম বিশ্ববিদ্যালয়, শিলচৰত যোগ প্ৰশিক্ষকৰ পদ খালী, কিদৰে কৰিব আবেদন?

অৰ্হতাঃ
ওপৰোক্ত পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব আৰু কম্পিউটাৰৰ সাধাৰণ জ্ঞান খিনি থাকিব লাগিব। কিছুমান পদৰ বাবে প্ৰাৰ্থীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা্যো প্ৰয়োজনীয়।

বয়সৰ সীমা

ডাক বিভাগৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব৷ উক্ত পদ সমূহত আবেদন কৰিব বিচৰাসকলে ডাক বিভাগৰ ৱেবছাইট indiapost.gov.in ৰ পৰা এই সম্পৰ্কীয় সকলো কথা জানিবলৈ সক্ষম হ’ব৷

Also read : Assam Career : ইএছআইচি চিকিৎসালয়, তিনিচুকীয়াত পদ খালী, কোনে কৰিব পাৰিব আবেদন?

Related News