NORTHEAST NOW (Assamese)

Covid-19 Update দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ ২৭হাজাৰ অতিক্ৰম; অ’মিক্ৰণ আক্ৰান্ত ১৫২৫জন

January 2, 2022 11:12 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update নৱবৰ্ষৰ প্রথমতে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে পুনৰ এক ভয়ংকৰ দিনৰ সকীয়নি কঢ়িয়াই আনিছেএসপ্তাহৰ ভিতৰতে কৰ’নাৰ দৈনিক সংক্ৰমণ ২০ হাজাৰ বৃদ্ধি পোৱাত স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২ হাজাৰ ৫৫৩জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২২ হাজাৰ ৭৭৫জন লোক।

ইয়াৰ ভিতৰত অ’মিক্ৰণ ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৫২৫জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২৮৪ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে দেশত কৰ’নাত প্ৰাণ হেৰুৱাইছিল ৪০৬ জন লোকে।

Also Read: নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮১হাজাৰ ৭৭০জন।  

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ২২৯জন লোক।

দেশত এতিয়ালৈ কৰ’না পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৪২ লাখ ৮৪হাজাৰ ৫৬১জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ২২ হাজাৰ ৮০১জন। এই সংখ্যা পূৰ্বৰ দিনৰ তুলনাত ১হাজাৰ ২০জন অধিক। বহুতেই দেশত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হোৱা বুলিয়েই ক’ব খোজে। 

Also Read: গুৱাহাটীত নৱবৰ্ষ উদযাপনৰ সময়ত নাই এটাও পথ দুৰ্ঘটনা; মহানগৰবাসীয়ে পান কৰিলে ৬কোটি টকাৰ সুৰা

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বৃদ্ধি পাইছে

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৬০ জন লোক অ’মিক্ৰণ ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰৰ পাছতেই দিল্লীত মুঠ ৩৫১জন অ’মিক্ৰণ ভেৰিয়েন্টত আক্ৰান্ত হৈছে।

Also Read: জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক; দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ

দেশত ইতিমধ্যে ১৪৫ কোটি ৪৪ লাখ ১৩হাজাৰ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News