NORTHEAST NOW (Assamese)

India Covid cases: দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে নিম্নমুখী সক্ৰিয় ৰোগী; টিকাকৰণে আনিছে স্বস্তি

September 24, 2021 11:44 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

India Covid cases: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়ত দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাৰ মাজতে সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। সেইদৰে টিকাকৰণৰ ক্ষিপ্ৰতাই বহুখিনি সকাহ আনি দিছে দেশবাসীক।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩১হাজাৰ ৩৮২ জন লোক। বৃহস্পতিবাৰে দেশত মুঠ আক্ৰান্ত হৈছিল ৩১হাজাৰ ৯২৩ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩১৮ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৬হাজাৰ ৩৬৮জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩২হাজাৰ ৫৪২জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৮ লাখ ৪৮হাজাৰ ২৭৩ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ১৬২ জন।

ইপিনে, দেশত এতিয়ালৈকে ৮৪কোটি ১৫ লাখ ১৮ হাজাৰ ০২৬ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭২লাখ ২০হাজাৰ ৬৪২ জন লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।

আৰু পঢ়ক:‘স্বচ্ছ’ তদন্তৰ বাবে দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক বদলিৰ দাবী কংগ্ৰেছ সাংসদৰ

আনহাতে, আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১৫লাখ ৬৫হাজাৰ ৬৯৬টা নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ সময়ত উৎসৱৰ বতৰ আৰম্ভ হৈছে।

তাৰ মাজতে কৰ’না পৰিস্থিতি কোনো কাৰণতে উদ্বেগমুক্ত নহয় বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। সেয়ে, কৰ’নাৰ পৰা নিজকে মুক্ত ৰাখিবলৈ কৰ’না বিধি অনুসৰণ কৰাটো সকলোৰে বাবে মংগলজনক।

Related News