NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত ধীৰে ধীৰে হ্ৰাস পাইছে কৰ’নাৰ দৈনিক সংক্ৰমণ; ৫৩৬ দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2021 11:19 am
corona-india-1584429005-712x375

Covid-19 Update দেশত উৎসৱৰ বতৰ প্ৰায় শেষ হোৱাৰ সময়তে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ ধীৰে ধাৰে হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা কমি অহাৰ ঘটনাই আশাৰ সঞ্চাৰ কৰিছে  

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৫৭৯জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ৪৮৮জন লোক।

বৰ্তমান দেশ মুঠ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৪৫ লাখ ২৬ হাজাৰ ৪৮০জন।  

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৩৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ২৪৯জন

Also Read: CJI Ramana to Rulers গণতন্ত্ৰত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিত: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ১৪৭জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১২হাজাৰ ২০২ জন। সুস্থতাৰ হাৰ হৈছে ৯৮.৩২শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৯লাখ ৪৬হাজাৰ ৭৪৯জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১ হাজাৰ ৫৮৪জন। এয়া দেশৰ মুঠ আক্ৰান্তৰ ০.৩শতাংশ এয়া বিগত ৫৩ দিনৰ ভিতৰত সৰ্বনিম্ন।

Also Read: Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

বৰ্তমানলৈ দেশত ১১ কোটি ৬৩ লাখ ৭৩ হাজাৰ ৪৯৯জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭১ লাখ ৯ হাজাৰতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।