NORTHEAST NOW (Assamese)

Covid-19 Update দেশত আৰু হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্ৰমণ; ৫৩৪ দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী

November 22, 2021 10:42 am · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত উৎসৱৰ বতৰ প্ৰায় শেষ হোৱাৰ দিশে আগবঢ়াৰ সময়তে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ সোমবাৰে যথেষ্ট হ্ৰাস পাইছে আৰু এতিয়া হ্ৰাস পোৱা সক্ৰিয় ৰোগীৰ সংখ্যাই যথেষ্ট সকাহ দেখুৱাইছে।  

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৪৮৮জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১০হাজাৰ ৪৮৮জন লোক।

বৰ্তমান দেশ মুঠ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৪৫ লাখ ১ হাজাৰ ৯০১জন।  

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৪৯ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে এই সংখ্যা আছিল ৩১৩ জন

Also Read: Cattle Smuggling বাগৰিত আৰক্ষীত জব্দ কৰিলে অবৈধ সৰবৰাহ কৰা চাৰিখনকৈ গৰুভৰ্তি বাহন; উদ্ধাৰ ৩৬টাকৈ গৰু

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬৫ হাজাৰ ৯১১জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১২হাজাৰ ৫১০ জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৯লাখ ৩৪হাজাৰ ৫৪৭জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১৮ হাজাৰ ৪৪৩জন। এয়া দেশৰ মুঠ আক্ৰান্তৰ ০.৩শতাংশ এয়া বিগত ৫৩৪ দিনৰ ভিতৰত সৰ্বনিম্ন।

Also Read: 7th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ; শিথিল নিয়ম

বৰ্তমানলৈ দেশত ১১৬ কোটি ৮৭ লাখ ২৮ হাজাৰ ৩৮৫জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৩২ লাখ ৯৯ হাজাৰ ৩৩৭জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।  

Related News