NORTHEAST NOW (Assamese)

নৈৰ পানী বঢ়া দি দেশত বাঢ়িছে ক’ৰ’ণাৰ সংক্ৰমণ, ২৪ ঘণ্টাত কিমান লোক হ’ল আক্ৰান্ত?

April 12, 2021 10:45 am · এন ই নাও নিউজ
Updated: April 12, 2021 11:01 am
প্ৰতিনিধিত্বমূলক ফটো।

নৈৰ পানী বঢ়া দি দেশত বাঢ়িছে ক’ৰ’ণাৰ সংক্ৰমণ।

বিগত ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

দিল্লীৰ লগতে কেইবা খনো ৰাজ্যত ক’ৰ’ণাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়কে ধৰি আন শৈক্ষিক প্ৰতিষ্ঠান সমূহ।

বিগত  ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৬৮ হাজাৰ ৯১২ গৰাকী ।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১কোটি ৩৫ লাখ ২৭ হাজাৰ ৭১৭ গৰাকী লোক।সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১২ লাখ ০১ হাজাৰ ০০৯ গৰাকী ।

যোৱা ২৪ ঘন্টাত দেশত ৯০৪ গৰাকী লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৭৫ হাজাৰ ৮৬ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যাই ১২ লাখৰ ঘৰ পাৰ কৰিছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২১ লাখ ৫৬ হাজাৰ ৫২৯ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১০ কোটি ৪৫ লাখ ২৮ হাজাৰ ৫৬৫ গৰাকী লোকে ভেকচিন লাভ কৰিছে।

Related News