NORTHEAST NOW (Assamese)
অসম

দেশত সামান্য উৰ্ধগামী কৰ’নাৰ সংক্ৰমণৰ হাৰ, ২৪ ঘণ্টাত কিমান আক্ৰান্ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2021 2:00 pm
india-covid-1

দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক এতিয়াও অব্যাহত আছে। সেইদৰে, আগষ্টতেই কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ কথা ব্যক্ত কৰিছে শেহতীয়া এক সমীক্ষাই।

ইয়াৰ মাজতে দেশত দৈনিক সংক্ৰমণৰ হাৰ সামান্য উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৫ হাজাৰ ৮৯২ জন লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৭ লাখ ৯ হাজাৰ ৫৫৭ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৮১৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫হাজাৰ ০২৮জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৬০ হাজাৰ ৭০৪জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪৪ হাজাৰ ২৯১ জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৯৮ লাখ ৪৩ হাজাৰ ৮২৫ জন।

বৰ্তমানলৈ দেশত ৩৬ কোটি ৪৮ লাখ ৪৭ হাজাৰ ৫৪৯ জনক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰাখিছে।