NORTHEAST NOW (Assamese)

ভাৰতত ক’ৰ’ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১৩ লাখৰ ঘৰ , মৃত্যু ৩১,৩৫৮ গৰাকী লোকৰ

July 25, 2020 1:52 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত হ্ৰাস পোৱা নাই ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

অৱশেত ভাৰতত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই ১৩ লাখৰ ঘৰ অতিক্ৰম কৰিলে।

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানক থকা ভাৰতত ক’ৰ’ণা ৰোগীৰ সংখ্যা হৈছে ১৩,৩৬,৮৬১ গৰাকী।

মুঠ ১৩ লাখৰ ভিতৰৰে ৮,৪৯,৪৩১ গৰাকী লোক ইতিমধ্যে ক’ৰ’ণাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে শুকুৰবাৰে মাজ নিশা প্ৰকাশ কৰিছে এই তথ্য।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৪৮ হাজাৰ ৯১৬ গৰাকী। ২৪ ঘন্টাত মৃত্যু ঘটিছে ৭৫৭ গৰাকী ৰোগীৰ।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১৩,৩৬,৮৬১ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ৩১,৩৫৮ গৰাকী লোকৰ। ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰোগমুক্ত হোৱা লোকৰ সংখ্যা ৮,৪৯,৪৩১ গৰাকী।

ক’ৰ’ণাৰ মহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৮ খন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়াৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কথা পাতিছে আৰু অধিক সংক্ৰমণ হৈ থকা ৰাজ্য্ কেইখনক সতৰ্ক হবলৈ পুনৰবাৰ কৈছে।

এতিয়ালৈকে আই চি এম আৰে দেশত ১,৫৮,৪৯,০৬৮ গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰিছে।

Related News