NORTHEAST NOW (Assamese)
অসম

দেশত ক’ৰ’ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১ কোটি ২০ লাখৰ ঘৰ, এদিনতে মৃত্যু ২৯১ গৰাকী লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 2:33 pm
a cov

দেশত ক’ৰ’ণা আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ১ কোটি ২০ লাখৰ ঘৰ।বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত  আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছেগৈ ২৯১ গৰাকী।

এক কথাত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ ছবি খন মুঠেও উন্নত হোৱা নাই।

প্ৰতিদিনে ১ লাখৰ ওচৰা-ওচৰি লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইমানৰ পিছতো পিছে সচেতন হোৱা নাই বহু লোক। মাস্ক পৰিধান নকৰি স্বাভাৱিক সময়ৰ পৰিস্থিতিত ঘূৰি ফুৰাৰ দৰেই বহুতে ঘূৰি ফুৰিছে। ফলত বৃদ্ধি পাইছে সংক্ৰমণ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ  ১ কোটি ২০ লাখ ৩৯ হাজাৰ ৬৪৪ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১ লাখ ৬১ হাজাৰ ৮৪৩  গৰাকী লোকৰ।

বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৬৮ হাজাৰ ২০ গৰাকী।