NORTHEAST NOW (Assamese)

চলিত মাহৰ শেষৰ সপ্তাহত ভাৰতে কৰিব একাধিক ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ

November 16, 2020 2:09 pm · এন ই নাও নিউজ
Updated: November 16, 2020 2:13 pm

পাকিস্তানে সীমান্তত এক প্ৰকাৰৰ যুদ্ধ ঘোষণা কৰাৰ সময়তে ভাৰতে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত একেলগে কেইবাটাও ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে।

আজি প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত মহাসাগৰত নিৰ্দ্ধাৰণ কৰা কেবাটাও নিৰ্দিষ্ট স্থানত এ মিছাইলৰ পৰীক্ষণ কৰা হ’ব।

ব্ৰাহ্মছ মিছাইলে আঘাত হানিব পৰা লক্ষ্য স্থলৰ দূৰত্ব পূৰ্ৰ ২৯৮ কিলোমিটাৰৰ ঠাইত এতিয়া ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য শেহতীয়াকৈ ভাৰতে অত্যাধুনিক যুদ্ধ বিমান সুখয় ৩০ এমকেআইৰ পৰা শব্দতকৈয়ো বেগী ব্ৰাক্ষ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে।

অলপতে পঞ্জাৱৰ হালৱাৰা বিমানঘাটিৰ পৰা ব্ৰাক্ষ্মছ মিছাইল কঢ়িয়াই উৰা মাৰিছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ সুখয় যুদ্ধ বিমানে।

বংগোপসাগৰত সুখয় যুদ্ধ বিমানৰ পৰা মৰি পঠিওৱা হৈছিল ব্ৰাক্ষ্মছ মিছাইল। পূৰ্ব নিৰ্দ্ধাৰিত লক্ষ্যত মিছাইল বিধে সঠিক ভাবে আঘাত হানিবলৈ সক্ষম হয়।

উল্লেখ্য অলপতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪৫০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।

Related News