NORTHEAST NOW (Assamese)
অসম

ভাৰত বনাম ৱেষ্টইণ্ডিজ : কটকটীয়া নিৰাপত্তা ব্যৱস্থা মহানগৰী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ October 18, 2018 6:34 pm

দুৰ্গা পূজাৰ পিছতে ২১ আক্টোবৰত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া ক্ৰিকেট খেল। উল্লেখযোগ্য যে এইখনেই পাঁচখন এদিনীয়া ক্ৰিকেট মেচ শৃংখলাৰ প্ৰথমখন খেল।

উক্ত দিনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামত দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এদিনীয়া ক্ৰিকেট মেচ উপভোগ কৰিবৰ বাবে মহানগৰবাসী উৎসাহিত হৈ পৰিছে। ইয়াৰ মাজতে আগন্তুক দিনৰ খেলখন যাতে কোনো ধৰণৰ অঘটন নোহোৱাকৈ সুচাৰুৰূপে হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

মন কৰিবলগীয়া যে দুৰ্গা পূজাৰ দুদিনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ শুক্লেশ্বৰ ঘাটত বোমা বিস্ফোৰণ হোৱাৰ পিছতে বৰ্তমান আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা আৰু কটকটীয়া কৰি তুলিছে।

হাতে হাতে মাৰণাস্ত্ৰ লৈ শতাধিক পুৰুষ-মহিলা নিৰাপত্তাৰক্ষী বৰ্ষাপাৰা ষ্টেডিয়ামত সষ্টম হৈ আছে। বৰ্ষাপাৰা ষ্টেডিয়াম বৰ্তমান আৰক্ষীৰ ছাউনীত পৰিণত হোৱাৰ দৰে হৈ পৰিছে।

আনহাতে আজি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়হি ইণ্ডিয়া টীমৰ ক্ৰিকেটাৰ আম্বাতী ৰায়ুডু। আৰু পোনে পোনে ৰেডিচিল ব্লুলৈ ৰাওনা হয়।

জানিব পৰা মতে কাইলৈ অৰ্থাৎ শুকুৰবাৰে দিনৰ দুপৰীয়া ২ বজাৰ পৰা ভাৰতীয় দলৰ অনুশীলন আৰম্ভ হ’ব।