NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনৰ প্ৰশাসনত স্থান লাভ অন্য এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 12:06 pm
index.jpgv

নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনৰ প্ৰশাসনত অন্তৰ্ভুক্ত হৈছে আৰু এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা।

এই মহিলা গৰাকী হৈছে মালা আদিগা। শুকুৰবাৰে মালা আদিগাক নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনৰ পত্নী তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী জিল বিডেনৰ আঁচনি সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছে।

মালা আদিগাই ইয়াৰ পূৰ্বে জিল বিডেনৰ জ্যেষ্ঠ পৰামৰ্শদাত্ৰীৰূপে কৰ্মৰত আছিল। আনকি যোৱা মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জু বিডেনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰৰো নীতি পৰামৰ্শদাত্ৰীৰূপে সেৱা আগবঢ়াইছিল।

আদিগাই বিডেন ফাউণ্ডেশ্যনৰ হায়াৰ এডুকেশ্যন আৰু মিলেটেৰি ফেমেলিজৰ সঞ্চালকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ কাৰ্যকালতো মালা আদিগাই শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ একাডেমিক প্ৰ’গ্ৰামৰ উপ সহকাৰী সচিব, গ্ল’বেল ইউমেন ইচ্যুছৰ ষ্টেট চেক্ৰেটাৰী আৰু জ্যেষ্ঠ পৰামৰ্শদাত্ৰীৰ লগতে এম্বেছাডৰ হিচাপে কৰ্মৰত আছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা শাখাৰ মানৱ অধিকাৰৰ সঞ্চালিকাৰূপেও দায়িত্ব পালন কৰিছিল আদিগাই।

অধিবক্তা হিচাপে প্ৰশিক্ষণ প্ৰাপ্ত আদিগাই চিকাগ’ৰ এখন আইন প্ৰতিষ্ঠানৰ পৰা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ ২০০৮ চনৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব লাভ কৰিছিল।

মালা আদিগাই গ্ৰীণনেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে মিন্নেছ’টা স্কুল অৱ পাব্লিক আৰু ইউনিভাৰ্চিটি অৱ চিকাগ’তো শিক্ষাগ্ৰহণ কৰিছিল।