NORTHEAST NOW (Assamese)

Indian and Chinese troops face-off: পুনৰ ফেৰ পাতিছে চীনে! এইবাৰ অৰুণাচলৰ টাৱাং সীমান্তত ভাৰত-চীন সেনাৰ ‘ফেচ-অফ’

October 8, 2021 11:59 am · এন ই নাও নিউজ, গুৱাহাটী

Indian and Chinese troops face-off : আকৌ এবাৰ সীমা বিবাদত জড়িত হৈ পৰিছে ভাৰত আৰু চীনৰ সেনা বাহিনী। জানিব পৰা মতে বিগত সপ্তাহত অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত হৈছে এই ফেচ-অফ।

বাতৰি অনুসৰি, এই ফেচ-অফ কেইবাঘন্টা ধৰি চলে। পাছত প্ৰট’কল অনুসৰি বিবাদ মীমাংসা কৰা হয়।

উক্ত সংঘৰ্ষত কোনো হতাহত বা ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

ঘটনা অনুসৰি অৰুণাচল প্ৰদেশৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভাৰতীয় ভূখণ্ডৰ নিকট অঞ্চলত চীনৰ প্ৰায় ২০০ সেনা জোৱান আহি উপস্থিত হয়।

ভাৰতীয় সেনাই চীনৰ সেনা দলক সীমান্ত অতিক্ৰম কৰি ভাৰতৰ ভূমিত প্ৰৱেশ কৰাত বাধা দিয়ে। অৱশ্যে দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষ নহৈ আলোচনাৰে বিবাদ নিষ্পত্তি কৰা বুলি কোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা বছৰ পূব লাডাখত ভাৰত-চীন সেনা সীমান্ত বিবাদত জড়িত হৈ পৰিছিল। সেই সংঘৰ্ষত ভাৰতৰ ২০ সেনাজোৱান শ্বহীদ হোৱাৰ বিপৰীতে চীনৰো প্ৰায় ৪০জন সেনা হতাহত হোৱাৰ খৱৰ পোৱা গৈছিল।

যোৱা ৩০ আগষ্টত চীনৰ সেনাই পুনৰ উত্তৰাখণ্ডৰ সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছিল। ভাৰতীয় সেনা উপস্থিতি হোৱাৰ পূৰ্বে অৱশ্যে তেওঁলোক তাৰপৰা আঁতৰি গৈছিল।

এইদৰে উত্তৰখণ্ডৰ পাছত পুনৰ অৰুণাচল সীমন্তত চীনৰ সেনাৰ অনুপ্ৰৱেশে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটোৱাৰ আশংকা কৰা হৈছে।   

Related News