NORTHEAST NOW (Assamese)
অৰুণাচল

গ্ৰীণফিল্ড এয়াৰপৰ্টত ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিশেষ বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2022 8:47 am
গ্ৰীণফিল্ড এয়াৰপৰ্টত ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিশেষ বিমান

ভাৰতীয় বিমান প্ৰাধিকৰণৰ এখন বিশেষ বিমান মঙ্গলবাৰে নিৰ্মী়য়মান ইটানগৰ (হলঙ্গী) গ্ৰীণফিল্ড এয়াৰপৰ্টত অৱতৰণ কৰে।

এই নিৰীক্ষণ ইউনিটৰ বিমান খনত থকা গ্ৰাউণ্ড চাৰ্ভে কীটৰ জৰিয়তে এয়াৰপৰ্টৰ পজিছন আৰু নেভিগেচন আহিলা সমূহ পৰীক্ষা কৰা হয়।

বীচ্চ ৩৫০ কিং এয়াৰ টুইন ইঞ্জিন প্ৰপেলাৰ যুক্ত এই বিমান খনৰ পঞ্জীয়ন নম্বৰ আছিল VT -FIU.

উল্লেখ্য যে অৰুণাচল প্ৰদেশ চৰকাৰে ১৫ আগষ্ট দিনটোত ইটানগৰ (হলঙ্গী) এয়াৰপৰ্টৰ বিমান সেৱা আনুষ্ঠানিক ভাবে মুকলি কৰাৰ সময় সীমা ধাৰ্য কৰিছে।