NORTHEAST NOW (Assamese)

ৱাশ্বিংটনত ভাৰতীয় দূতাবাসৰ বিষয়াৰ ৰহস্যজনক মৃত্যু! তদন্ত আৰম্ভ মাৰ্কিন আৰক্ষীৰ

September 21, 2024 9:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ৱাশ্বিংটনত ভাৰতীয় দূতাবাসৰ এজন বিষয়াৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ১৮ ছেপ্টেম্বৰৰ সন্ধিয়া বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শনিবাৰে দূতাবাসৰ পৰা প্ৰকাশিত এক বিবৃতিত বিষয়াগৰাকীৰ মৃত্যুৰ কথা উল্লেখ কৰা হৈছে। তাৰ লগতে বিষয়াজনৰ মৃত্যুত শোক প্ৰকাশ কৰা হৈছে। তেওঁৰ পৰিয়াললৈ শোক প্ৰকাশ কৰিছে দূতাবাসে।

দূতাবাসৰ সূত্ৰ অনুসৰি বিষয়াগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে। শীঘ্ৰে তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। পৰিয়ালটোক বিবেচনা কৰি বিষয়াজনৰ নাম আৰু বাকী তথ্যসমূহ গোপনীয় ৰখাৰ সিদ্ধান্ত লোৱা বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

ৱাশ্বিংটন আৰক্ষী আৰু ছিক্ৰেট চাৰ্ভিচে বিষয়াজনৰ মৃত্যু কেনেকৈ হ’ল তাৰ তদন্ত আৰম্ভ কৰিছে। আত্মহত্যাৰ বিষয়টোও সন্দেহৰ আওতালৈ অনা হৈছে। অৱশ্যে এই ঘটনাৰ আঁৰত আত্মহত্যা নে আন কিবা ৰহস্য আছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষী আৰু গোপন সেৱাই।

Related News