NORTHEAST NOW (Assamese)

১৫ টন বান সাহায্য লৈ ভিয়েটনামত উপস্থিত ভাৰতীয় নৌ সেনা বাহিনীৰ জাহাজ

December 25, 2020 10:40 am · এন ই নাও নিউজ

ভিয়েটনামত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকললৈ ভাৰতৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰা হৈছে।

চেণ্ট্ৰেল ভিয়েটনাৰ বানপানীত ক্ষতিগ্ৰস্ত লোক সকললৈ সাহায্য কঢ়িয়াই ভাৰতীয় নৌ সেনা বাহিনীৰ আই এন এছ কিলটনে বৃহস্পতিবাৰে চো চি মিন চহৰৰ হাৰং বন্দৰত উপস্থিত হয়।

মূলত বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ প্ৰায় ১৫ টন অত্যাৱশ্যকীয় সামগ্ৰীৰ সাহায্য আগবঢ়াইছে ভাৰতে।

ভিয়েটনামত বানপানীৰ সাহায্য প্ৰদান কৰা হোৱাৰ পাছত আই এন এছ কিল্টনে ভিয়েটনাম পিপ’লছ নেভীৰ সৈতে যুটীয়াভাৱে এক অনুশীলনত ভাগ ল’ব।

দক্ষিণ চীন সাগৰত ভিয়েটনাম পিপ’লছ নেভীৰ সৈতে একেলগে ভাৰতীয় নৌ সেনা বাহিনীয়ে অনুশীলন কৰিব বুলি ভাৰতীয় নৌ সেনা বাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, ভাৰতে ক’ৰ’নাৰ সংক্ৰমণৰ সময়তো বিভিন্ন দেশলৈ ঔষধকে আদি কৰি বিভিন্ন প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীৰ যোগান ধৰিছিল।

ভাৰতে নেপাল, বাংলাদেশ আদিৰ উপৰিও আমেৰিকা, ব্ৰাজিল, কানাডা আদি দেশলৈয়ো হাইড্ৰক্সিক্লৰ’কুইন নামৰ ঔষধ বিধ সাহায্য হিচাপে আগবঢ়াইছিল।

Related News