NORTHEAST NOW (Assamese)

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

May 17, 2025 3:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় বংশোদ্ভৱ প্ৰখ্যাত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক ছলমান ৰুছদীক ছুৰীৰে আঘাত কৰা যুৱক হাদী মাটাৰক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে নিউয়ৰ্কৰ আদালতে। তেওঁ কৰা অপৰাধৰ ধৰণৰ বাবে তেওঁক আমেৰিকাৰ আইন অনুসৰি সৰ্বোচ্চ শাস্তি প্ৰদান কৰা হৈছে।

শুকুৰবাৰে আদালতে এই ৰায় ঘোষণা কৰে।

২০২২ চনৰ আগষ্ট মাহত নিউয়ৰ্কৰ এক অনুষ্ঠানত মঞ্চত ভাষণ দি থকাৰ সময়তে হাদী মাটাৰে ছলমান ৰুছদীক চুৰিৰে আক্ৰমণ কৰে। সেই সময়ত তেওঁৰ বয়স আছিল ২৪ বছৰ। মাটাৰে মঞ্চত উঠি ৰুছদীৰ ডিঙি, মূৰ আৰু শৰীৰক লক্ষ্য কৰি ১৫ বাৰকৈ ছুৰীৰে আঘাত কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত ছলমান ৰুছদীক এয়াৰ এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত কেইবাবাৰো অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল ৰুছদি। তাৰে এটা চকুৰ দৃষ্টিশক্তি হেৰাই গৈছে।

ৰায় ঘোষণাৰ পাছতে মাটাৰৰ অধিবক্তা নাথানিয়েল বেৰনক সাংবাদিকে প্ৰশ্ন কৰে যে মাটাৰে নিজৰ এই কাৰ্যৰ বাবে অনুশোচনা কৰিছে নেকি?

উত্তৰত বেৰনে কয়, “সেয়া এটা ন্যায্য প্ৰশ্ন আৰু মই ইয়াৰ উত্তৰ দিব নোৱাৰো বুলি মই ভাবো। মই মাত্ৰ কব পাৰো যে মই ভাবো মানুহে কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে অতি বেয়া সিদ্ধান্ত লয় আৰু ইয়াৰ পৰিণতি ইমানেই বেয়া যে তেওঁলোকে অনুশোচনা কৰে নে নকৰে সেই কথা প্ৰকাশ কৰিবলৈ অসুবিধা পায়।”

উল্লেখ্য যে, ১৯৪৭ চনৰ জুন মাহত ভাৰতৰ মুম্বাইত কাশ্মীৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছলমান ৰুছদিয়ে। প্ৰাথমিক জীৱনত তেওঁ মুম্বাইৰ বিভিন্ন বিজ্ঞাপন সংস্থাৰ কপিৰাইটাৰ হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ সম্পূৰ্ণৰূপে সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ছলমান ৰুছদীয়ে ১৯৮১ চনত মিডনাইটছ চিলড্ৰেন উপন্যাসৰ জৰিয়তে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। এই উপন্যাসখনৰ বাবে তেওঁ সাহিত্যৰ আটাইতকৈ সন্মানীয় বঁটা বুকাৰ বঁটা লাভ কৰে।

কিন্তু তেওঁৰ চতুৰ্থ উপন্যাস চাটানিক ভাৰ্চেচ প্ৰকাশ পোৱাৰ পিছত তেওঁ বিপদত পৰিল। ১৯৮৮ চনত এই গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত তেওঁ কঠোৰ ইছলামিকসকলৰ ক্ৰোধৰ সন্মুখীন হবলগীয়া হয়, আৰু কেইবাখনো দেশত এই গ্ৰন্থখন নিষিদ্ধ কৰা হয়।

ইৰাণৰ তদানীন্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেইনীয়েও তেওঁক হত্যাৰ বাবে ফাতোৱা জাৰি কৰিছিল। এনে পৰিস্থিতিত ৰুছদীয়ে নিজকে ৰক্ষা কৰিবলৈ ৯ বছৰ ব্ৰিটেইনত আত্মগোপন কৰি থাকিল। সেই সময়ত তেওঁ জোচেফ এণ্টন নামটো লৈছিল। ব্ৰিটেইন চৰকাৰেও তেওঁক ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰিছিল। পিছলৈ যেতিয়া তেওঁ ব্ৰিটেইনৰ পৰা আমেৰিকালৈ গুচি যায়, তেতিয়া তেওঁক তাতো সুৰক্ষা দিয়া হয়।

এই সকলোবোৰ সাৱধানতাৰ মাজতো চূড়ান্ত প্ৰতিৰক্ষাৰ ব্যৱস্থা নাছিল। উপন্যাসখন চাটানিক ভাৰ্চেচ লিখাৰ বাবে প্ৰকাশ পোৱাৰ ৩৫ বছৰৰ পাছত হাদী মাতাৰৰ মাৰাত্মক আক্ৰমণৰ বলি হৈছিল।

Related News