NORTHEAST NOW (Assamese)
অসম

সৰ্বকালৰ নিম্নতম স্তৰত ভাৰতীয় টকাৰ মূল্য

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 17, 2024 10:08 am

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু অধিক হ্ৰাস পালে। সৰ্বকালৰ নিম্নতম স্তৰলৈ নামিছে টকাৰ মূল্য। মঙলবাৰে দিনটোৰ আৰম্ভণিতে ৯ পইচা হেৰুৱায় ভাৰতীয় টকাই।

বাতৰি অনুসৰি, ভাৰতীয় মুদ্ৰাই এই দিনটোত মাৰ্কিন ডলাৰৰ বিপৰীতে অভিলেখ ৮৩.৫৩ টকা স্পৰ্শ কৰে।

ইণ্টাৰবেংক ফৰেইন এক্সচেঞ্জৰ তথ্য অনুসৰি মঙলবাৰে লেনদেনৰ আৰম্ভণিতে ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ বিপৰীতে ৮৩.৫১ টকা হয়। কিন্তু এটা পৰ্যায়ত ই আৰু অধিক হ্ৰাস পাই ৮৩.৫৩ টকা হয়, যিটো পূৰ্বৰ দিনটোৰ বন্ধৰ সময়তকৈ ৯ পইচা কম।

লগতে পঢ়কঃ ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংৰ্ঘষত শীৰ্ষ নেতাকে ধৰি নিহত ২৯ জন মাওবাদী

যোৱা সোমবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৬ পইচা হ্ৰাস পাই আমেৰিকান ডলাৰৰ বিপৰীতে ৮৩.৪৪ টকাত উপনীত হৈছিল।

সংশ্লিষ্ট বিশ্লেষকসকলে কয় যে মধ্যপ্ৰাচ্যত যুদ্ধ বিয়পি পৰাৰ আশংকা, আমেৰিকাৰ মুদ্ৰাৰ শক্তি বৃদ্ধি আৰু বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে।

লগতে পঢ়কঃ IPL 2024: নাৰিনৰ শতকেৰে বিশাল স্কোৰ কৰিও RRৰ হাতত পৰাজিত KKR; বাটলাৰৰ অবিশ্বাস্য ইনিংছ

ফিনৰেক্স ট্ৰেজাৰী এডভাইজাৰ্ছ এল এল পিৰ ট্ৰেজাৰীৰ মুৰব্বী তথা কাৰ্যবাহী সঞ্চালক অনিল কুমাৰ ভাঞ্চালীয়ে কয় যে মধ্যপ্ৰাচ্যত উত্তেজনা আৰু আমেৰিকাৰ উৎপাদন বৃদ্ধিৰ বাবে বিদেশী পৰ্টফলিঅ’ থকা বিনিয়োগকাৰীসকলে ডলাৰ ক্ৰয় আৰু ষ্টক বিক্ৰী অব্যাহত ৰাখিছে। ইয়াৰ বাবে টকাৰ মূল্য আৰু অধিক হ্ৰাস পাইছে।