NORTHEAST NOW (Assamese)

আগন্তুক বৰ্ষৰ আই পি এলত দিল্লী কেপিটেলছৰ গৈ খেলিব আজিংক ৰাহাণে

November 15, 2019 7:00 am · এন ই নাও নিউজ
দিল্লী কেপিটেলছৰ খেলুৱৈৰ সৈতে ৰাহাণে

ভাৰতীয় টেষ্ট দলৰ সহ অধিনায়ক আজিংক ৰাহাণে আই পি এলৰ আগন্তুক ছিজনত দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

দিল্লী কেপিটেলছক এতিয়াও ৰাহাণেক চুক্তিবদ্ধ কৰাৰ ক্ষেত্ৰত বিচিচিআইৰ তৰফৰ পৰা অন্তিম অনুমতি লাভ কৰিব বাকী আছে।

বিগত সাতটা বৰ্ষৰ আইপিএলত ৰাহাণে ৰাজস্থান ৰোয়েলছৰ দলৰ সদস্য আছিল। অষ্ট্ৰেলিয়াৰ সেই সময়ৰ অধিনায়ক ষ্টিভ স্মিথ বহিস্কাৰ হৈ থাকিবলগীয়া হোৱাত ৰাহাণে ৰাজস্থানক নেতৃত্ব প্ৰদান কৰিছিল।

দিল্লী কেপিটেলছে ৰাহাণেৰ সলনি ৰাজস্থান ৰোয়েলছক মায়ংক মাৰ্কাণ্ডে আৰু ৰাহুল তেৱতিয়াক হস্তান্তৰ কৰিব।

দিল্লী কেপিটেলৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত ৰাহাণেক চুক্তিবদ্ধ কৰা সন্দৰ্ভত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে কেবল মাত্ৰ ঘোষণা কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰিছে।

উল্লেখযোগ্য যে, বিগত আগষ্ট মাহত দিল্লী কেপিটেলছে ৰাহাণেক দলৰ সৈতে চুক্তিবদ্ধ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল।

ভাৰতীয় টেষ্ট দলৰ আন এগৰাকী তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনেও চলিত বৰ্ষত কিংছ এলেভেন পঞ্জাৱৰ সৈতে থকা চুক্তি ভংগ কৰি দিল্লী কেপিটেলছত যোগদান কৰিছে।

দিল্লী কেপিটেলছত শিখৰ ধাৱান, শ্ৰেয়াৰ আয়াৰ, ঋষভ পণ্ট আদিৰ দৰে তাৰকা খেলুৱৈ আছে।

Related News